November 1, 2025 12:40 PM | J&K

printer

জম্মু-কাশ্মীৰৰ ছমহীয়া ঐতিহাসিক দৰবাৰ মুভ প্ৰথা পুনৰ মুকলি

চাৰিবছৰৰ মূৰত জম্মু-কাশ্মীৰৰ ছমহীয়া ঐতিহাসিক দৰবাৰ মুভ প্ৰথা পুনৰ মুকলি কৰা হৈছে। শ্রীনগৰস্থিত চৰকাৰী কাৰ্য্যালয়সমূহ এই সময়ছোৱাত বন্ধ থাকিব। সমূহ কায্যালয় পুনৰ সোমবাৰৰ পৰা খোলা থাকিব। জম্মু-কাশ্মীৰৰ পথ পৰিবহন সংস্থাই আজি আৰু কাইলৈ কৰ্মচাৰীসকলৰ পৰিবহনৰ দায়িত্বত থাকিব। এই দৰবাৰ মুভ প্ৰথাৰ বাবে ৩৯টা চৰকাৰী কায্যালয় সম্পূৰ্ণৰূপে স্থানান্তৰিত কৰা হ’ব। ৪৭ টা কায্যালয় সীমিত পৰিসৰত স্থানান্তৰ হ’ব। উল্লেখযোগ্য যে ডোগ্রা মহাৰাজে আৰম্ভ কৰা এই দৰবাৰ মুভ প্ৰথা ১৪৭ বছৰ পুৰণি পৰম্পৰা। কৌশলগত আৰু জলবায়ুজনিত কাৰকৰ বাবে প্ৰতি ছমাহৰ মূৰে মূৰে জম্মু-কাশ্মীৰৰ চৰকাৰী কায্যালয়সমূহ স্থানান্তৰ কৰা হয়।

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।