জম্মু-কাশ্মীৰৰ ৰিয়েছি জিলাৰ চালাল বান্ধৰ ওপৰৰ অংশত বিগত কেইবাদিনো ধৰি হৈ থকা প্ৰৱল বৰষুণৰ প্ৰতি লক্ষ্য ৰাখি কর্তৃপক্ষই বান্ধটোৰ আটাইকেইখন গেট খুলি দিছে। আকাশবাণীৰ জন্মৰ সংবাদদাতাই জনোৱা মতে বান্ধটোৰ সুৰক্ষা নিশ্চিত কৰাৰ ক্ষেত্ৰত সজাগতামূলক ব্যৱস্থা হিচাপে তথা ইয়াৰ ওপৰেৰে বৈ যোৱা পর্যাপ্ত পৰিমাণৰ পানী নিয়ন্ত্ৰণৰ বাবে এই পদক্ষেপ গ্ৰহণ কৰা হৈছে। বান্ধটোৰ পৰা পানী এৰি দিয়াৰ ফলত চেনাব আৰু ইয়াৰ উপনদীসমূহৰ পানী বাঢ়ি যোৱাৰ আশংকা কৰা হৈছে। ইয়াৰ ফলত নদীৰ নামনি অংশত আৰু ইয়াৰ পাৰত থকা গাঁওসমূহ ক্ষতিগ্ৰস্ত হোৱাৰ আশংকা কৰা হৈছে। এনে সম্ভাব্য পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি উদ্ধাৰ আৰু সাহায্য বাহিনী সাজু কৰি ৰখাৰ লগতে কর্তৃপক্ষই যিকোনো ধৰণৰ দুৰ্ঘটনা প্রতিহত কৰাৰ বাবে পৰিস্থিতি নিৰন্তৰ নিৰীক্ষণ কৰি আছে।
ইপিনে, নতুন দিল্লীত কেইবাদিনো ধৰি হৈ থকা নেৰানেপেৰা বৰষুণৰ ফলত যমুনা নদীয়ে আজি পুৱা বিপদসীমা অতিক্ৰম কৰিছে। ৰাজধানী চহৰখনৰ বাসিন্দাসকলক বানৰ কবলত পৰাৰ আশংকা কৰি বহু লোকক নিৰাপদ ঠাইলৈ স্থানান্তৰ কৰা হৈছে।
ভাৰতীয় বতৰ বিজ্ঞান বিভাগে জম্মু-কাশ্মীৰ, হিমাচল প্রদেশ, পাঞ্জাৱ আৰু হাৰিয়ানাত প্ৰৱল বৰষুণৰ সম্ভাৱনা প্রকাশ কৰি ৰেড এলার্ট জাৰি কৰিছে। বতৰ বিজ্ঞান বিভাগে লগতে দেশৰ পূব অংশৰ ঝাৰখণ্ড, ওড়িশা আৰু ছত্তিশগড়তো ধাৰাসাৰ বৰষুণ হোৱাৰ আগলি বতৰা দিছে।