ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

September 2, 2025 8:39 PM | J&K

printer

জম্মু-কাশ্মীৰৰ পুঞ্চ জিলাৰ কেইবাখনো গাঁৱত নিৰাপত্তা বাহিনীৰ তালাচী অভিযান

জম্মু-কাশ্মীৰৰ পুঞ্চ জিলাৰ কেইবাখনো গাঁৱত আজি নিৰাপত্তা বাহিনীয়ে যৌথভাৱে ঘেৰাও আৰু তালাচী অভিযান চলায়। আকাশবাণী জন্মৰ সংবাদদাতাই জনাইছে যে, স্থানীয় আৰক্ষী আৰু চি আৰ পি এফৰ বিশেষ অভিযান গোটে কিছুসংখ্যক সন্দেহযুক্ত লোকৰ তথ্য লাভ কৰাৰ পাছত চয়িআন কাঠা, বাঞ্জোলা বনাঞ্চল, জালিয়ান-আজামাবাদ, খানেতাৰ মহল্লা, কালচান আৰু দুপ্ৰিয়ানত যুটীয়াভাৱে তালাচী চলায়। ৰাষ্ট্ৰীয় ৰাইফলছ বাহিনীৰ সৈতে বিশেষ অভিযান গোটে কালিও মাঞ্জাকোটৰ বাউৱিন ঘালি, বেহৰা কচৱ আৰু ট’পা তথা মেন্ধাৰৰ মাংগলানু মানক’টেতো তালাচী অভিযান চলাইছিল। সেনাবাহিনীয়ে কালি পুঞ্চ জিলাৰ মেন্ধাৰৰ বালাকোট অঞ্চলত অনুপ্ৰৱেশ কৰিবলৈ চেষ্টা কৰা সন্ত্ৰাসবাদীৰ দল এটাক ঘেৰাও কৰি তেওঁলোকৰ চেষ্টা বিফল কৰে।