জম্মু-কাশ্মীৰ চৰকাৰে আজিৰে পৰা জম্মুৰ অসীমান্ত জিলাৰ লগতে কাশ্মীৰ সংমণ্ডলৰ বিদ্যালয়-মহাবিদ্যালয়সমূহ পুনৰ মুকলি কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। শিক্ষামন্ত্রী চাকিনা ইটুৱে সামাজিক মাধ্যমৰ এটা বাৰ্তাত এই কথা প্ৰকাশ কৰিছে। শেহতীয়াকৈ সীমা অতিক্রমি হোৱা আক্ৰমণ-প্ৰত্যাক্ৰমণৰ পাছৰ পৰিস্থিতিৰ বিস্তৃত পর্যালোচনাৰ অন্তত বিদ্যালয়-মহাবিদ্যালয়সমূহ খোলাৰ সিদ্ধান্ত লোৱা হৈছে। ইপিনে, ছাত্ৰ-ছাত্ৰীৰ লগতে কৰ্মচাৰীৰৰ সুৰক্ষাৰ বাবে সতর্কতামূলক ব্যৱস্থা হিচাপে সীমান্ত অঞ্চলৰ শিক্ষানুষ্ঠানসমূহ বন্ধ থাকিব ।
Site Admin | May 13, 2025 12:41 PM | J&K
জম্মুৰ অসীমান্ত আৰু কাশ্মীৰ সংমণ্ডলৰ বিদ্যালয়-মহাবিদ্যালয়সমূহ পুনৰ মুকলি কৰাৰ সিদ্ধান্ত গ্ৰহণ
