কেন্দ্ৰীয় বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যা মন্ত্রী জিতেন্দ্র সিঙে আজি কয়, যে জৈৱ-প্ৰযুক্তিবিদ্যাৰ ক্ষেত্ৰত বৰ্তমানৰ ভাৰতৰ প্ৰাৰম্ভিক বিনিয়োগ আৰু নিত্য নতুন উদ্ভাৱনসমূহে আন দেশসমূহৰ সৈতে ভাৰতৰ প্ৰতিযোগিতা বৃদ্ধি কৰিব আৰু ভৱিষ্যতে এইসমূহৰ পৰা ভাৰতে লাভ কৰিবলগীয়া লভ্যাংশৰ পৰিমাণ বৃদ্ধি পাব। নতুন দিল্লীত আজি অনুষ্ঠিত এখন সংবাদমেলত ড° সিঙে কয়, যে বৰ্তমানৰ চৰকাৰখনৰ বায়’ ই থ্রি নীতিয়ে এটা সময়ত প্ৰায় এলাগী হৈ পৰি ৰোৱা জৈৱ-প্ৰযুক্তিবিদ্যাক বৰ্তমানৰ যুৱ প্ৰজন্মৰ মাজত জনপ্ৰিয় কৰি তুলিছে। তেওঁ লগতে উল্লেখ কৰে যে, বিজ্ঞানৰ এই ক্ষেত্ৰখনত বিকাশৰ যথেষ্ট সম্ভাৱনা আছে আৰু ২০৩০ বৰ্ষৰ ভিতৰত অৰ্থনীতিৰ ক্ষেত্ৰত ৩০০ বিলিয়ন ডলাৰ সংযুক্ত কৰাৰ লক্ষ্য নিৰ্ধাৰণ কৰা হৈছে। এই ক্ষেত্ৰখনত হোৱা উদ্ভাৱনসমূহে চিকিৎসা বিজ্ঞানৰ ক্ষেত্ৰত ৰোগীৰ সুবিধা হোৱাকৈ চিকিৎসা ব্যৱস্থা কৰিছে আৰু লগতে বৈকল্পিক বহনক্ষম খাদ্যৰ ব্যৱস্থা কৰিব পৰা গৈছে। তেওঁ লগতে একজিয়ম ক’ৰ অভিযানৰ সময়ত জৈৱ-প্ৰযুক্তিবিদ্যাৰ ব্যৱহাৰেৰে চলোৱা বিভিন্ন বৈজ্ঞানিক পৰীক্ষা-নিৰীক্ষাৰ প্ৰয়োজনীয়তাৰ কথাও উল্লেখ কৰে। বিশ্ব বন্ধু ভাৰতৰ লক্ষ্যসমূহক আগত ৰাখি বিভিন্ন সময়ত চলি থকা গৱেষণাৰ ফলাফলসমূহে ভাৰতৰ লগতে বিশ্বৰ বিভিন্ন প্ৰান্তৰ লোকসকলক উপকৃত কৰিব বুলিও তেওঁ জানিবলৈ দিয়ে।
Site Admin | August 27, 2025 8:53 PM | Jitrendra singh
বায়’ ই থ্রি নীতিয়ে জৈৱ-প্ৰযুক্তিবিদ্যাক বৰ্তমানৰ যুৱ প্ৰজন্মৰ মাজত জনপ্ৰিয় কৰি তুলিছে বুলি জিতেন্দ্র সিঙৰ প্ৰকাশ