January 23, 2026 7:50 PM | Jitrandra singh

printer

ভাৰতে সুযোগৰ ঐতিহাসিক গণতান্ত্রিকীকৰণৰ সাক্ষী হৈছে বুলি ড০ জীতেন্দ্র সিঙৰ প্ৰকাশ

কেন্দ্রীয় বিজ্ঞান আৰু প্ৰযুক্তি ৰাজ্য মন্ত্রী ড০ জীতেন্দ্র সিঙে আজি ভাৰতে সুযোগৰ ঐতিহাসিক গণতান্ত্রিকীকৰণৰ সাক্ষী হৈছে বুলি প্রকাশ কৰিছে। তেওঁ কয় যে ই এনে এটা পৰিস্থিতিতন্ত্ৰৰ সৃষ্টি কৰিছে য’ত যুৱপ্ৰজন্মই নিজৰ প্ৰকৃত প্রতিভা অন্বেষণ কৰাৰ লগতে নিজৰ পছন্দৰ পথ বাছি ল’ব পাৰে আৰু নিজৰ দক্ষতাক বহনক্ষম জীৱিকাৰ মাধ্যমলৈ ৰূপান্তৰিত কৰিব পাৰে।

নতুন দিল্লীত অনুষ্ঠিত ‘ৰাষ্ট্ৰীয় দক্ষতা সম্মিলন ২০২৬’ত সম্বোধন কৰি কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে কয় যে দেশৰ যুৱপ্ৰজন্ম আজি পূর্বতকৈ অধিক সজাগ আৰু নতুন প্ৰজন্মৰ কথা প্রশিক্ষক তথা প্রতিষ্ঠানসমূহে শুনাৰ প্ৰয়োজনত তেওঁ গুৰুত্ব আৰোপ কৰে। মন্ত্ৰীগৰাকীযে ডিগ্রী-কেন্দ্রিক বিকাশৰ পৰা দক্ষতা-কেন্দ্রিক বিকাশৰ দিশলৈ হোৱা পৰিৱৰ্তনৰ বিষয়ে আলোকপাত কৰি কয় যে ‘এৰোমা মিছন’ ৰ দৰে পদক্ষেপসমূহে হাজাৰ হাজাৰ যুৱক-যুৱতীক আনুষ্ঠানিক ডিগ্রী নোহোৱাকৈয়ে জীৱিকা উপাৰ্জনৰ বাবে সক্ষম কৰি তুলিছে।

যোৱা ১১ বছৰত সুযোগৰ গণতান্ত্রিকীকৰণৰ ফলত জনসাধাৰণৰ আশা-আকাংক্ষা অভূতপূর্বভাৱে বৃদ্ধি পোৱাৰ বিষয়ে মন্ত্ৰীগৰাকীয়ে উল্লেখকৰে। ড° সিঙে লগতে কয় যে দ্বিতীয় আৰু তৃতীয় শ্ৰেণীৰ চহৰসমূহৰ মহিলা আৰু যুৱক-যুৱতীসকলে ভাৰতৰ বিকাশৰ ধাৰাটোক নতুনকৈ সংজ্ঞায়িত কৰিছে। মন্ত্ৰীগৰাকীয়ে ভাৰতত অপৰিসীম প্রতিভা আছে বুলি উল্লেখ কৰি পূৰ্বে অগ্ৰাধিকাৰ আৰু ৰাজনৈতিক সহযোগিতাৰ অভাৱ আছিল বুলি মন্তব্য কৰে।

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।