কৰ্মচাৰী, ৰাজহুৱা অভিযোগ আৰু পেন্সন দপ্তৰৰ ৰাজ্য মন্ত্ৰী ড° জিতেন্দ্ৰ সিঙে কৈছে যে একোটা বিভাগৰ অন্তৰ্গত গোটসমূহে যদিহে পৃথকে পৃথকে কাম কৰে তেন্তে বৰ্তমানৰ গতিশীল চৰকাৰখনৰ শাসন ব্যৱস্থাত ই হেঙাৰস্বৰূপ হৈ পৰে। নতুন দিল্লীত আজি সামৰিক বাহিনী আৰু অসামৰিক সেৱা বিভাগৰ বিষয়াসকলৰ সৈতে হোৱা কথা-বতৰাত তেওঁ অপাৰেচন সিন্দুৰ অভিযানৰ বিষয়ে উল্লেখ কৰি কয়, যে এই অভিযানে দেশৰ সামৰিক প্ৰযুক্তিবিদ্যাৰ বিকাশৰ দ্বাৰা সামৰিক বাহিনী আৰু অসামৰিক ব্যৱস্থাপনাক একত্রিত কৰাত উল্লেখযোগ্য অৰিহনা যোগাইছে। এইসমূহে কৰ্মচাৰীসকলৰ কৰ্মস্পৃহা তথা আত্মনিৰ্ভৰশীলতাৰ ক্ষমতাকে প্রতিফলিত কৰিছে। ড° সিঙে কয়, যে বৰ্তমানৰ ভাৰতবৰ্ষই কেৱল বিকাশ তথা পৰিবেশনৰ দিশতেই আগবাঢ়ি যোৱা নাই, ইয়াৰ লগতে বিভিন্ন প্ৰত্যাহ্বানৰ সন্মুখীন হৈ সফল হ’বলৈও সক্ষম হৈছে। তেওঁ লগতে কয়, যে বৰ্তমানৰ শাসন ব্যৱস্থাৰ নক্সাই উদ্ভাৱনীমূলক চিন্তাধাৰাৰে নানান চাপৰ মাজেৰেও শক্তিশালী ৰূপত আগবাঢ়ি যাবলৈ সক্ষম হৈছে।
Site Admin | July 4, 2025 8:10 PM | Jitrendra singh
সামৰিক বাহিনী আৰু অসামৰিক সেৱা বিভাগৰ বিষয়াসকলৰ সৈতে ড° জিতেন্দ্ৰ সিঙৰ কথা-বতৰা
