ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

April 9, 2025 6:59 PM | jikir

printer

শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ বাকৰিত প্ৰায় এহেজাৰ শিল্পীৰ জিকিৰ পৰিৱেশন

অসম গৰিয়া পৰিষদৰ উদ্যোগত আজি গুৱাহাটী শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ বাকৰিত প্ৰায় এহেজাৰ শিল্পীয়ে জিকিৰ পৰিৱেশন কৰে। ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা অহা শিল্পীসকলে পৰিৱেশন কৰা মোৰ মনত ভেদভাৱ নাই অ আল্লাহ শীৰ্ষক জিকিৰে কলাক্ষেত্ৰৰ বাকৰি মুখৰিত কৰি তোলে। অসম গৰিয়া পৰিষদৰ নেতৃবৃন্দই অসমীয়া সংস্কৃতিৰ গুৰুত্বপূৰ্ণ অংগ আজান ফকিৰৰ জিকিৰসমূহ জীয়াই ৰখাৰ উদ্দেশ্যে এই অনুষ্ঠানৰ আয়োজন কৰা বুলি প্ৰকাশ কৰে। তেওঁলোকে বিহু আৰু ঝুমুইৰ দৰেই জিকিৰৰো প্ৰচাৰ আৰু প্ৰসাৰৰ উদ্দেশ্যে যথোচিত ব্যৱস্থা লবলৈ ৰাজ্য চৰকাৰক আহ্বান জনায়।

অধিক পঢ়ক

সকলো চাওক

কোনো পোষ্ট পোৱা নগ'ল।