ঝাৰখণ্ড বিধানসভাৰ নৱ-নির্বাচিত বিধায়কসকলৰ শপতগ্রহণ

ঝাৰখণ্ড বিধানসভাৰ নৱ-নির্বাচিত বিধায়কসকলে আজি বিধানসভাত আনুষ্ঠানিকভাৱে শপত গ্রহণ কৰে। আজি ৰাঁচীৰ বিধানসভা ভৱনত আয়োজিত এটা অনুষ্ঠানত অস্থায়ী অধ্যক্ষ ষ্টিফেন মাৰাণ্ডিয়ে বিধায়কসকলক শপত বাক্য পাঠ কৰায়। প্ৰথমে ৰাজ্যখনৰ মুখ্যমন্ত্ৰী হেমন্ত ছোৰেনে শপত গ্ৰহণ কৰে। ইয়াৰ পাছতে শাসকীয় দলৰ ৮০গৰাকী বিধায়কে শপত লয়। কাইলৈ বিধানসভাৰ নতুন অধ্যক্ষগৰাকীৰ নিৰ্বাচন অনুষ্ঠিত হ’ব আৰু মুখ্যমন্ত্ৰী ছোৰেনে সদনত আস্থাৰ ভোট বিচাৰিব। কাইলৈয়েই ৰাজ্যপাল সন্তোষ কুমাৰ গংগোৱাৰে ৰাজ্য বিধানসভাত ভাষণ দিব।

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।