ঝাৰখণ্ড বিধানসভা নিৰ্বাচনত ভোটাধিকাৰ সাব্যস্ত কৰিবলৈ ১৭ লাখৰো অধিক শিক্ষার্থীৰ মাক-দেউতাকলৈ পত্ৰ প্ৰেৰণ

ঝাৰখণ্ড বিধানসভা নিৰ্বাচনত নিৰ্বাচনী অধিকাৰ সাব্যস্ত কৰিবলৈ বিদ্যালয় পৰ্যায়ৰ ১৭ লাখৰো অধিক শিক্ষার্থীয়ে নিজৰ মাক-দেউতাকলৈ পত্ৰ প্ৰেৰণ কৰিছে। ৰাজ্যখনৰ মুখ্য নির্বাচনী বিষয়া কে ৰবিকুমাৰে কয় যে, ছাত্ৰ-ছাত্ৰী আৰু তেওঁলোকৰ পিতৃ-মাতৃ তথা অভিভাৱক-অভিভাৱিকাসকলে সামাজিক মাধ্যমত মাম্মী-পাপা ভোট দো হেছটেগেৰে সামাজিক মাধ্যমত এই পত্রসমূহ প্রকাশ কৰিছে। কালি বিয়লি ৫ বজাৰ পৰা ৭ বজাৰ ভিতৰত সামাজিক মাধ্যমত এই ধৰণৰ প্ৰায় ৩০ হাজাৰ পোষ্ট দেখা যায়। বিষয়াগৰাকীয়ে কয় যে, ৰাজ্যখনৰ বিধানসভা নিৰ্বাচনত ভোট দাতাৰ অংশগ্ৰহণৰ হাৰ বৃদ্ধি কৰাৰ লক্ষ্যৰে এই বিশেষ পদক্ষেপ গ্ৰহণ কৰা হৈছে।

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।