ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

November 8, 2024 12:37 PM | jharkhand election

printer

ঝাৰখণ্ড বিধানসভা নিৰ্বাচনৰ প্ৰথম পৰ্যায়ত সামৰি ল’বলগীয়া এলেকাসমূহত ব্যাপক প্ৰচাৰ

এন ডি এ আৰু আই এন ডি আই মিত্ৰজোঁটৰ নেতাসকলে ঝাৰখণ্ড বিধানসভা নিৰ্বাচনৰ প্ৰথম পৰ্যায়ত সামৰি লবলগীয়া এলেকাসমূহত ব্যাপক প্ৰচাৰ চলোৱা পৰিলক্ষিত লৈছে। বিজেপিৰ জ্যেষ্ঠ নেত্ৰী তথা কেন্দ্রীয় মন্ত্রী অন্নপূর্ণা দেৱীয়ে কালি হাজাৰিবাগত এখন নির্বাচনী সভাত ভাষণ দি ৰাজ্যখনৰ জনসাধাৰণ হেমন্ত চোৰেন নেতৃত্বাধীন চৰকাৰৰ অপশাসনক লৈ অসন্তুষ্ট হোৱা বুলি দাবী কৰে । ইপিনে, ঝাৰখণ্ড মুক্তি মৰ্চাৰ নেত্ৰী কল্পনা চোৰেনে খুন্তিত এখন নির্বাচনী সভাত অংশ লয়। বিজেপিয়ে ঝাৰখণ্ডত ক্ষমতাত থকাৰ সময়ছোৱাত ৰাজ্যখনক পিছলৈ লৈ যোৱা বুলি তেওঁ অভিযোগ উত্থাপন কৰে। আৰ জে ডি, কংগ্ৰেছ, এ জে এছ ইউ আৰু বাও দলৰ নেতাসকলেও কালি ৰাজ্যখনৰ বিভিন্ন প্ৰান্তত দলৰ হকে প্ৰচাৰ চলায়।

অধিক পঢ়ক

সকলো চাওক

কোনো পোষ্ট পোৱা নগ'ল।