ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

October 3, 2024 12:24 PM | jharkhand election

printer

ঝাৰখণ্ড বিধানসভা নিৰ্বাচনৰ বাবে ভাৰতীয় জনতা পাৰ্টীয়ে আজি নিৰ্বাচনী ইস্তাহাৰৰ পাঁচটা মূল প্ৰতিশ্ৰুতি প্ৰকাশ কৰিব

ঝাৰখণ্ড বিধানসভা নিৰ্বাচনৰ বাবে ভাৰতীয় জনতা পাৰ্টীয়ে আজি নিৰ্বাচনী ইস্তাহাৰৰ পাঁচটা মূল প্ৰতিশ্ৰুতি প্ৰকাশ কৰিব। সংবাদ মাধ্যমৰ সৈতে হোৱা কথা-বতৰাত ঝাৰখণ্ড বিধানসভাৰ নিৰ্বাচনী সহঃপ্ৰভাৰীৰ দায়িত্বত থকা অসমৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই কয় যে, পর্যায় ক্ৰমে দলীয় ইস্তাহাৰ প্ৰকাশ কৰা হ’ব। দ্বিতীয় পৰ্যায়ত ঝাৰখণ্ড ৰাজ্য গঠনৰ ২৫ বছৰীয়া বৰ্ষপূৰ্তিৰ সৈতে সংগতি ৰাখি দলটোৱে ২৫ দফীয়া ইস্তাহাৰ মুকলি কৰিব বুলি ড° শৰ্মাই জানিবলৈ দিয়ে। অন্তিম পৰ্যায়ত ভগৱান বীৰছা মুণ্ডাৰ ডেৰশ সংখ্যক জয়ন্তীৰ পূৰ্বে ৰাজ্যখনৰ উন্নয়নৰ বাবে দলটোৱে ডেৰশটা প্ৰতিশ্ৰুতিৰে নিৰ্বাচনী ইস্তাহাৰ প্ৰকাশ কৰাৰ কথা। উল্লেখযোগ্য যে, চলিত বৰ্ষৰ শেষৰফালে ৮১টা সমষ্টিৰ বাবে ঝাৰখণ্ড বিধানসভা নির্বাচন অনুষ্ঠিত কৰা হ’ব।

অধিক পঢ়ক

সকলো চাওক

কোনো পোষ্ট পোৱা নগ'ল।