অইল ইণ্ডিয়া লিমিটেডৰ কৰ্পৰেট সামাজিক দায়বদ্ধতা আঁচনিৰ দ্বাৰা পৰিচালিত আর্থিকভাৱে দুৰ্বল মেধাৱী শিক্ষার্থীসকলক অইল প্ৰজ্ঞান ছুপাৰ-থাৰ্টিৰ জৰিয়তে অভিযান্ত্ৰিক সংযুক্ত প্ৰৱেশ পৰীক্ষা চমুকৈ JEE আৰু চিকিৎসা মহাবিদ্যালয়ৰ প্ৰৱেশৰ নামভৰ্তিৰ বাবে ৰাষ্ট্ৰীয় যোগ্যতা তথা প্ৰৱেশ পৰীক্ষা চমুকৈ NEET-ৰ বাবে বিনামূলীয়া আৱাসিক শিক্ষা প্ৰদান কৰি আহিছে। চলিত বৰ্ষত ডিব্ৰুগড় কেন্দ্ৰটোৰ পৰা JEE-ত অৱতীৰ্ণ হোৱা ৩০ গৰাকী শিক্ষাৰ্থীৰ ভিতৰত ২৮ গৰাকীয়ে উত্তীৰ্ণ হৈ কেন্দ্ৰটোৱে সুনাম কঢ়িয়াই আনিছে। এইবাৰ সফলতা লাভ কৰা আটাইকেইগৰাকী শিক্ষাৰ্থীক ডিব্ৰুগড়ত শিক্ষার্থীক সম্বৰ্ধনা জনোৱা হয়। উল্লেখযোগ্য যে প্ৰজ্ঞান ছুপাৰ-থাৰ্টিৰ জৰিয়তে ৰাজ্য তথা দেশৰ কেইবাটাও কেন্দ্ৰত অইল ইণ্ডিয়া লিমিটেডে বিনামূলীয়া শিক্ষা দি আহিছে।
Site Admin | April 23, 2025 7:18 PM | Akashvani Guwahati | Akashvani News | NEET | Oil Super 30
JEE আৰু NEET-ৰ বাবে বিনামূলীয়া আৱাসিক শিক্ষা প্ৰদান অইল প্ৰজ্ঞান ছুপাৰ-থাৰ্টিৰ
