ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

April 9, 2025 7:06 PM | Jayanta Malla

printer

গৃহ নিৰ্মাণ আৰু নগৰ পৰিক্ৰমা বিভাগৰ বিষয়াবৰ্গৰ সৈতে জয়ন্ত মল্ল বৰুৱাৰ বৈঠক

গৃহ নিৰ্মাণ আৰু নগৰ পৰিক্ৰমা মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই আজি দুপৰীয়া দিছপুৰৰ জনতা ভৱনত বিভাগীয় বিষয়াবৰ্গ, অসম স্থাৱৰ সম্পত্তি আৰু আন্তঃগাঁথনি উন্নয়ন সংস্থাৰ প্ৰতিনিধিবর্গ আৰু অনলাইন গৃহ নির্মাণ অনুমতি ব্যৱস্থাৰ ছফ্টৱেৰ ডেভেলপাৰসকলৰ সৈতে এখন বৈঠকত মিলিত হয়। বৈঠকত অনলাইন গৃহ অনুমতি প্ৰক্ৰিয়াৰ সৈতে জড়িত বিভিন্ন বিষয় সামৰি লোৱা হয়। আলোচনাত ব্যৱস্থাটো স্বচ্ছ, সুশৃংখলিত আৰু অধিক কাৰ্যক্ষম কৰাৰ উদ্দেশ্যে মানৱ হস্তক্ষেপ কম কৰাত গুৰুত্ব আৰোপ কৰা হয় ৷

মন্ত্ৰীগৰাকীয়ে বিয়লি ভাগলৈ গুৱাহাটী মহানগৰীৰ ঘৰ আৰু ব্যৱসায়িক প্ৰতিষ্ঠানৰ পৰা জাবৰ-জোথৰ সংগ্ৰহৰ কামত নিয়োজিত বেচৰকাৰী সংস্থাসমূহৰ প্ৰতিনিধিৰ সৈতে আন এখন বৈঠকত মিলিত হয়। বৈঠকত আৱৰ্জনা সংগ্ৰহ আৰু নিষ্কাষণ ব্যৱস্থা উন্নীতকৰণ আৰু বৰ্তমানৰ ব্যৱস্থাৰ ত্রুটিসমূহ দূৰ কৰাৰ বিষয়ে আলোচনা কৰা হয় ।

অধিক পঢ়ক

সকলো চাওক

কোনো পোষ্ট পোৱা নগ'ল।