যশস্বী কণ্ঠশিল্পী জয়ন্ত হাজৰিকাৰ আজি ৮১সংখ্যক ওপজা দিন

যশস্বী কণ্ঠশিল্পী জয়ন্ত হাজৰিকাৰ আজি ৮১ সংখ্যক ওপজা দিন। এই উপলক্ষে ৰাজ্যৰ বিভিন্ন প্রান্তত আজি কেইবাটাও অনুষ্ঠানৰ আয়োজন কৰা হৈছে। সুৰ বাহিনীৰ উদ্যোগত আৰু অসম চৰকাৰৰ সাংস্কৃতিক সঞ্চালকালয়ৰ সহযোগত দৰদী কণ্ঠশিল্পীগৰাকীৰ ওপজা দিনৰ লগত সংগতি ৰাখি মোৰ মন চাতকৰ কণ্ঠ শীর্ষক যন্ত্ৰ সংগীতৰ মূর্ছনাৰে এক ব্যতিক্রমী অনুষ্ঠানৰ আয়োজন কৰা হৈছে। এই অনুষ্ঠান আজি সন্ধিয়া ৬ বজাত কটন বিশ্ববিদ্যালয়ৰ কলাগুৰু বিষ্ণুপ্রসাদ ৰাভা প্রেক্ষাগৃহত অনুষ্ঠিত হ’ব। পুৱা চানমাৰিস্থিত জয়ন্ত হাজৰিকা স্মৃতি উদ্যানত স্মৃতি তর্পণ অনুষ্ঠান অনুষ্ঠিত হয়। মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই যশস্বী শিল্পী জয়ন্ত হাজৰিকাৰ জন্মবার্ষিকীত শিল্পীগৰাকীলৈ অসমবাসীৰ হৈ গভীৰ শ্রদ্ধা জ্ঞাপন কৰিছে।

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।