ডাউনলোড
মোবাইল এপ

android apple
signal

উত্তৰ-পূৰ্বাঞ্চল এতিয়া ভাৰতৰ সীমামূৰীয়া অংশই হৈ থকা নাই বৰং দেশৰ উন্নয়ন যাত্ৰাৰ মূল কেন্দ্ৰ হৈ পৰিছে – জয়ন্ত চৌধুৰী

 দক্ষতা বিকাশ আৰু উদ্যমশীলতা দপ্তৰৰ ৰাজ্য মন্ত্ৰী জয়ন্ত চৌধুৰীয়ে উত্তৰ-পূৰ্বাঞ্চল এতিয়া ভাৰতৰ সীমামূৰীয়া অংশই হৈ থকা নাই বৰং দেশৰ উন্নয়ন যাত্ৰাৰ মূল কেন্দ্ৰ হৈ পৰিছে বুলি প্ৰকাশ কৰিছে। নতুন দিল্লীত আয়োজিত ৰাইজিং নর্থ-ইষ্ট বিনিয়োগকাৰী সন্মিলনত ভাষণ দি মন্ত্ৰীগৰাকীয়ে আজি এই কথা প্ৰকাশ কৰে। তেওঁ কয়, যে মিজোৰামে ১০০ শতাংশ সাক্ষৰতাৰ হাৰ পূৰণ কৰাৰ পৰা যুৱ প্ৰজন্মৰ উদ্যমশীলতাৰ দিশৰ পৰা অঞ্চলটোলে সমূহীয়া প্ৰচেষ্টাৰ নিদৰ্শন দাঙি ধৰিছে। তেওঁ সমগ্ৰ দেশৰ প্ৰায় এক লাখ শিক্ষাৰ্থীক বিনামূলীয়া এ আই প্ৰশিক্ষণ প্ৰদান কৰা হব বুলি ঘোষণা কৰিছে। শ্ৰী চৌধুৰীয়ে কয়, যে স্কিলিং ফৰ ৰেডিনেছ এ আই কাৰ্যসূচীৰ অধীনত মডিউল প্ৰস্তুত কৰা হৈছে আৰু শীঘ্ৰেই ষষ্ঠৰ পৰা দ্বাদশ শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীৰ বাবে এই পাঠ্যক্ৰম আৰম্ভ কৰা হব। এই কার্যসূচীয়ে শিক্ষার্থীসকলক স্ব-মূল্যায়ন, অনলাইন পৰীক্ষা, অনলাইন পাঠ্যক্ৰমৰ সুযোগ প্ৰদান কৰিব আৰু ইয়াৰ বাবে প্ৰমাণপত্ৰও লাভ কৰিব বুলি মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে। শ্ৰী চৌধুৰীয়ে কয়, যে শিক্ষাসহ অন্য আনুষ্ঠানিক পৰিকাঠামোসমূহত দক্ষতাৰ বিকাশৰ বিষয়টো অন্তৰ্ভুক্ত কৰা হৈছে। তেওঁ কয়, যে বিশ্ববিদ্যালয় অনুদান আয়োগে ইতিমধ্যে এই সন্দৰ্ভত নীতি-নিৰ্দেশনা জাৰি কৰিছে আৰু বিভিন্ন বিশ্ববিদ্যালয়ে এই কাৰ্যসূচী গ্ৰহণ কৰাৰ বাবে আগবাঢ়ি আহিছে। মন্ত্ৰীগৰাকীয়ে ইয়াক উদ্যোগ জগত আৰু নিয়োগকৰ্তাসকলৰ বাবে আৱশ্যকীয় চমু দক্ষতা বিকাশ পাঠ্যক্ৰমৰ সৈতে পৰিচয় হোৱাৰ সুযোগ বুলি অভিহিত কৰে ।

অধিক পঢ়ক

সকলো চাওক