অসম কলেজ শিক্ষক সংস্থাৰ অন্তৰ্গত গুৱাহাটী মহাবিদ্যালয় শিক্ষক গোটে আজি পদ্মভূষণ সন্মানেৰে সন্মানিত বিশিষ্ট নৃত্যশিল্পী যতীন গোস্বামীক তেওঁৰ বাসগৃহত সন্মান জনায়। মহাবিদ্যালয়ৰ উপাধ্যক্ষ দিব্যঞ্জন শৰ্মা খাটনিয়াৰৰ লগতে মহাবিদ্যালয় শিক্ষক গোটৰ সভাপতি ড° ধৰণী লাহন, সম্পাদক ড° জিন্টু শৰ্মা, জ্যেষ্ঠ অধ্যাপক অধ্যাপিকা ক্ৰমে ড° অৰূপ কুমাৰ গোস্বামী, ড° দিনেশ কাকতি আৰু ড° স্বপ্না বৰুৱা উপস্থিত থকা সম্বৰ্দ্ধনা কাৰ্যসূচীত নৃত্যাচাৰ্য যতীন গোস্বামীয়ে তেওঁৰ বৰ্ণিল জীৱন অভিজ্ঞতাৰ বিভিন্ন কথাৰে সকলোকে আপ্লুত কৰে।
Site Admin | May 2, 2025 8:08 PM | Jatin Goswami
বিশিষ্ট নৃত্যশিল্পী যতীন গোস্বামীক গুৱাহাটী মহাবিদ্যালয় শিক্ষক গোটৰ সম্বৰ্দ্ধনা
