ৰাজ্যত জাপানীজ এনচেফেলাইটিছৰ প্ৰাদুৰ্ভাৱ বৃদ্ধি, এতিয়ালৈ ৫জন লোকৰ মৃত্যু

ৰাজ্যৰ কেইবাটাও অঞ্চলত জাপানীজ এনচেফেলাইটিছৰ প্ৰাদুৰ্ভাৱ ঘটিছে। এই ৰোগত আক্ৰান্ত হৈ ইতিমধ্যে ৫ জন লোকৰ মৃত্যু হোৱাৰ বিপৰীতে ১১ জন লোক চিকিৎসাধীন হৈ আছে। উল্লেখযোগ্য যে বগলী আৰু কণামুচুৰীৰ দৰে চৰাই এই ভাইৰাছৰ মুখ্য বাহক। অতিপাত জ্বৰ, মূৰৰ বিষ, অপ্রাসংগিক আৰু বিভ্ৰান্ত হোৱা, সংজ্ঞাহীনতা, শৰীৰৰ অস্বাভাৱিক কঁপনি আৰু শুদ্ধভাৱে কথা ক’বলৈ অসমৰ্থ হোৱা এই জাপানীজ এনচেফেলাইটিছৰ প্ৰধান লক্ষণ। তাৎক্ষণিক চিকিৎসাৰ দ্বাৰা এই ৰোগৰ পৰা জীৱন ৰক্ষা কৰিব পাৰি। এই ৰোগৰ পৰা নিজকে সুৰক্ষিত ৰাখিবলৈ স্বাস্থ্য বিভাগে কেইবাটাও পৰামৰ্শ আগবঢ়াইছে। মহৰ কামোৰৰ পৰা ৰক্ষা কৰিবলৈ সন্ধিয়া আৰু পুৱা পানী জমা হোৱা এলেকালৈ যোৱাটো পৰিহাৰ কৰিব লাগে। ইয়াৰ লগতে পাতল ৰঙৰ, দীঘল হাতৰ কাপোৰ পৰিধান কৰিব লাগে। শোৱাৰ সময়ত আঁঠুৱা ব্যৱহাৰ কৰাৰ লগতে মহৰ প্ৰতিৰোধৰ বাবে কীটনাশক ছটিয়াব লাগে। ঘৰৰ আশে-পাশে থকা নলা-নৰ্দমাসমূহ পৰিষ্কাৰ কৰি ৰখাৰ লগতে গাহৰিৰ গঁৰাল জাল বা আঁঠুৱাৰে ঢাকি ৰাখিব লাগে। বানৰ পাছত সৃষ্টি হ’ব পৰা বিভিন্ন বাহকজনিত ৰোগ প্ৰতিৰোধৰ বাবে স্বাস্থ্য বিভাগে বিভিন্ন পদক্ষেপ গ্ৰহণ কৰিছে। মহৰ পৰা হ’বপৰা ৰোগ নিৰ্মূলকৰণৰ বাবে ৰাসায়নিক দ্রব্য ছটিওৱাৰ লগতে ঠায়ে ঠায়ে সজাগতামূলক সভা অনুষ্ঠিত কৰা হৈছে ।

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।