ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

ৰাজ্যৰ বিভিন্ন প্ৰান্তত জাপানীজ এনকেফেলাইটিছৰ প্ৰাদুৰ্ভাৱ বৃদ্ধি

ৰাজ্যৰ বিভিন্ন প্ৰান্তত জাপানীজ এনকেফেলাইটিছৰ প্ৰাদুৰ্ভাৱ বৃদ্ধি পোৱাৰ বাতৰি পোৱা গৈছে। কামৰূপ জিলাত এই ৰোগত আক্ৰান্ত হৈ চাৰিগৰাকী লোকে প্ৰাণ হেৰুৱাইছে আৰু চাৰিজন লোক চিকিৎসাধীন হৈ আছে। কামৰূপ জিলা মেলেৰিয়া বিভাগে এই ৰোগ প্ৰতিৰোধৰ বাবে বিভিন্ন স্থানত সজাগতা শিবিৰৰ আয়োজন কৰিছে। বিভাগে লগতে প্ৰায় ২০ হাজাৰ ঔষধযুক্ত আঁঠুৱা বিতৰণ কৰিছে আৰু জিলাখনৰ অধীনৰ বকো, ছয়গাঁও, গৰৈমাৰী, ৰঙিয়া, বাইহাটা চাৰিআলিত ফগিং কৰাৰ ব্যৱস্থা কৰিছে।

যোৰহাট জিলাত জাপানীজ এনকেফেলাইটিছত এজন ১৬ বছৰীয়া কিশোৰৰ মৃত্যু হৈছে। বৰ্তমানলৈকে যোৰহাট চিকিৎসা মহাবিদ্যালয়ত এনকেফেলাইটিছত আক্ৰান্ত হৈ দুজন লোকৰ মৃত্যু হোৱা বুলি আমাৰ যোৰহাটৰ সংবাদদাতাই জনাইছে। বর্তমান এটি দুবছৰীয়া শিশুসহ কেইবাজনো সংকটজনক অৱস্থাত চিকিৎসাধীন হৈ আছে।

জাপানীজ এনকেফেলাইটিছত আক্ৰান্ত হৈ মাজুলীত এটি শিশুৰ মৃত্যু হৈছে। জিলাখনত এই পর্যন্ত ছজন লোক এই ৰোগত আক্ৰান্ত হৈছে। ইপিনে মাজুলীৰ ১১ খন গাঁৱত জাপানীজ এনকেফেলাইটিছৰ লগতে ডেংগি আৰু মেলেৰীয়াৰ প্ৰাদুৰ্ভাৱ বৃদ্ধি পোৱাত জিলা স্বাস্থ্য বিভাগে ১২ হাজাৰৰো অধিক লোকৰ তেজৰ নমুনা সংগ্ৰহ কৰিছে।

শিৱসাগৰ জিলাত যোৱা এপ্ৰিলৰ পৰা বৰ্তমানলৈকে শিশুসহ ১০জন লোক জাপানীজ এনকেফেলাইটিছ ৰোগত আক্ৰান্ত হৈছে। ইয়াৰ ভিতৰত সাতজন ৰোগী আৰোগ্য হোৱাৰ পাছত ঘৰলৈ যাবলৈ দিয়া হৈছে। বাকী তিনিজনৰ ভিতৰত এটি শিশুসহ দুজন লোক ডিব্ৰুগড়ৰ অসম চিকিৎসা মহাবিদ্যালয় হাস্পতালত আৰু এজন শিৱসাগৰ অসামৰিক চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে।

অধিক পঢ়ক

সকলো চাওক

কোনো পোষ্ট পোৱা নগ'ল।