ৰাজ্যৰ বিভিন্ন প্ৰান্তত জাপানীজ এনকেফেলাইটিছ প্রাদুর্ভাৱ বৃদ্ধি

ৰাজ্যৰ বিভিন্ন প্ৰান্তত জাপানীজ এনকেফেলাইটিছ প্রাদুর্ভাৱ বৃদ্ধি পোৱা বাতৰি পোৱা গৈছে। যোৰহাট জিলাত জাপানীজ এনকেফেলাইটিছত এজন ১৬ বছৰীয়া কিশোৰৰ মৃত্যু হৈছে। বৰ্তমানলৈকে যোৰহাট চিকিৎসা মহাবিদ্যালয়ত এনকেফেলাইটিছত আক্ৰান্ত হৈ দুজন লোকৰ মৃত্যু হোৱা বুলি আমাৰ যোৰহাটৰ সংবাদদাতাই জনাইছে। বর্তমান এটি দুবছৰীয়া শিশুসহ কেইবাজনো সংকটজনক অৱস্থা চিকিৎ‍সাধীন হৈ আছে। বজালী জিলাৰ বাঘমাৰা আৰু দলৌ পথাৰৰ দুজনকৈ লোক এই ৰোগত আক্ৰান্ত হৈছে। স্বাস্থ্য বিভাগে সদৰি কৰা অনুসৰি জিলাখনত ৫ গৰাকীকৈ লোকৰ দেহত এই ৰোগৰ লক্ষণ দেখা পোৱা গৈছে। জিলাখনৰ ভিন্ন স্থানত জিলা প্রশাসনে ফ’গিঙৰ লগতে যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰিছে।

নলবাৰী জিলাৰ গোৰাক্ষাট্টাৰী গাঁৱত জাপানীছ এনকেফেলাইটিছত আক্ৰান্ত হৈ এজন লোকৰ মৃত্যু হৈছে। জিলাখনৰ বৰক্ষেত্ৰী, মুগদি, নপ্তিপাৰা, বাকৰিকুছি, চতেমাৰিকে ধৰি কেইবাখনো গাঁৱত এই ৰোগত আক্ৰান্তৰ সংখ্যা বৃদ্ধি পোৱা বুলি স্বাস্থ্য বিভাগে সদৰি কৰিছে।

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।