January 2, 2025 8:01 PM | Jana satabdi

printer

কাইলৈ গুৱাহাটী আৰু উত্তৰ লখিমপুৰৰ মাজৰ নতুন জন শতাব্দী এক্সপ্ৰেছ ৰে’লগাড়ীখনৰ যাত্ৰা শুভাৰম্ভ

ভাৰতীয় ৰে’লৱেই গুৱাহাটী আৰু উত্তৰ লখিমপুৰৰ মাজত চলাচল কৰোৱাৰ সিদ্ধান্ত লোৱা নতুন জন শতাব্দী এক্সপ্ৰেছ ৰে’লগাড়ীখনৰ যাত্ৰা কাইলৈ গুৱাহাটীত ৰে’ল মন্ত্ৰী অশ্বিনী বৈষ্ণৱে শুভাৰম্ভ কৰিব। ব্ৰহ্মপুত্ৰ উত্তৰ পাৰৰ সৈতে গুৱাহাটীৰ ৰে’ল যোগাযোগ অধিক সুচল কৰাৰ বাবে এই ৰে’লখন প্ৰৱৰ্তনৰ সিদ্ধান্ত লোৱা হৈছে। ৰে’ল বিভাগৰ সূত্ৰই জনোৱা মতে, সপ্তাহত দুবাৰকৈ চলাচল কৰিবলগীয়া এই ৰে’লগাড়ীখনে পুৱা ৯ বাজি ৫০ মিনিটত গুৱাহাটীৰ পৰা যাত্ৰা আৰম্ভ কৰি বিয়লি ৪ বাজি ১৫ মিনিটত উত্তৰ লখিমপুৰ পাবগৈ আৰু বিয়লি ৫ বজাত উত্তৰ লখিমপুৰৰ পৰা যাত্ৰা কৰি নিশা ১১ বাজি ২৫ মিনিটত গুৱাহাটী পাবহি।

ৰে’লমন্ত্ৰীগৰাকীয়ে কাইলৈ তিনিচুকীয়া-নাহৰলগুন এক্সপ্ৰেছ আৰু গুৱাহাটী-নিউ বঙাইগাঁও যাত্রীবাহী ৰে’লগাড়ী দুখনো পতাকা জোকাৰি শুভাৰম্ভ কৰিব। মন্ত্ৰীগৰাকীয়ে তেতেলীয়াত নিৰ্মাণ কৰা এখন পথ উৰণসেতুঁও উদ্বোধন কৰিব। তথ্য আৰু সম্প্ৰচাৰ বিভাগৰো মন্ত্ৰী বৈষ্ণৱে ভার্চুৱেল ব্যৱস্থাৰে আকাশবাণী কোকৰাঝাৰ কেন্দ্ৰৰ নৱনিৰ্মিত এফ এম ট্রান্সমিটাৰটো আনুষ্ঠানিকভাৱে উদ্বোধন কৰিব।

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।