ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

জম্মু-কাশ্মীৰৰ পুঞ্চ জিলাত নিৰাপত্তা বাহিনী আৰু সন্ত্ৰাসবাদীৰ মাজত গুলীয়াগুলীৰ ঘটনা

জম্মু-কাশ্মীৰৰ পুঞ্চ জিলাৰ বাফলিয়াজ অঞ্চলৰ মাৰাহ গাঁৱত কালি নিৰাপত্তা বাহিনী আৰু সন্ত্ৰাসবাদীৰ মাজত গুলীয়াগুলীৰ ঘটনা সংঘটিত হয়। আকাশবাণীৰ জন্মৰ সংবাদদাতাই জনোৱা অনুসৰি যোৱানিশা নিৰাপত্তা বাহিনীয়ে অঞ্চলটোত সন্ত্ৰাসবাদীৰ উপস্থিতিৰ সম্ভেদ লাভ কৰে। পাছত পুঞ্চ জিলাত ছুৰাণকোট উপ-সংমণ্ডলৰ ডেহৰা কী গলিৰ সমীপত বাফলিয়াজৰ মাৰাহ গাঁৱৰ বিশেষ অঞ্চলত আৰক্ষী আৰু সেনা বাহিনীয়ে অভিযান চলায়। দলটোলৈ উদ্দেশ্যি সন্ত্ৰাসবাদীয়ে গুলীচালনা কৰাৰ প্ৰত্যুত্তৰত নিৰপত্তা বাহিনীয়েও গুলীচালনা কৰে। পাছত সন্ত্ৰাসবাদীকেইটা আন্ধাৰৰ সুযোগ লৈ পলায়ন কৰে। ইতিমধ্যে সন্ত্ৰাসবাদীকেইটাৰ সন্ধানত অভিযান অব্যাহত আছে।