পাকিস্তানে জম্মু-কাশ্মীৰৰ ছটৱাৰী, চাম্বা, আৰএছপুৰা আৰু আৰনিয়াক লক্ষ্য কৰি যোৱানিশা ৮টাকৈ ক্ষেপনাস্ত্র নিক্ষেপ কৰে। প্ৰতিৰক্ষা সূত্ৰই কৰা মতে, বায়ু আক্ৰমণ প্ৰতিৰোধী গোটে আটাইকেইটা ক্ষেপনাস্ত্ৰ ধৰা পেলায় আৰু এই আক্ৰমণ ব্যৰ্থ কৰে। আক্ৰমণৰ সময়ত জম্মুৰ আকাশৰ দৃশ্যই ইজৰাইলৰ ওপৰত হামাছে চলোৱা আক্ৰমণৰ কথা সোঁৱৰাই দিয়ে। ইয়াৰ পৰা পাকিস্তানী সেনাই যে, সন্ত্রাসবাদী সংগঠন হামাছৰ দৰে কাম আৰু আচৰণ কৰিবলৈ লৈছে সেয়া স্পষ্ট হৈ পৰে। উল্লেখযোগ্য যে, পাকিস্তানৰ চোৰাং চোৱা সংস্থা আই এছ আই আৰু হামাছ যোৱামাহত পাকিস্তান অধিকৃত কাশ্মীৰত বৈঠকত মিলিত হৈছিল।
আন্তঃৰাষ্ট্ৰীয় সীমান্তৰ সমীপৰ জম্মু, পাঠানকোট আৰু উধমপুৰৰ সামৰিক ঘাটিসমূহক লক্ষ্য কৰি পাকিস্তানে ক্ষেপনাস্ত্ৰ আৰু ড্রোনেৰে আক্ৰমণ কৰে। অঞ্চলটোত কোনো লোক হতাহত হোৱাৰ বাতৰি পোৱা নাই। সেনাই মানবিশিষ্ট কার্য সম্পাদন বিধি অনুসৰি গতিক আৰু অ-গতিক মাধ্যমেৰে এই আক্ৰমণ ব্যর্থ কৰে। প্ৰতিৰক্ষা সূত্ৰসমূহে প্ৰকাশ কৰা মতে পশ্চিম সীমান্তৰ ভালেমান ঠাইত শত্রুপক্ষৰ ড্রোণ পৰিলক্ষিত হয়। বায়ুসেনাৰ প্ৰতিৰক্ষা প্রণালী এই ড্রোণসমূহ ধবংস কৰে। ইপিনে যোৱানিশা প্ৰায় ১১ বজাত সীমান্ত সুৰক্ষা বাহিনীয়ে জম্মু-কাশ্মীৰৰ চাম্বা জিলাৰ আন্তঃৰাষ্ট্ৰীয় সীমান্তত অনুপ্ৰৱেশৰ বৃহৎ প্রচেষ্টা ব্যর্থ কৰে।