যোৱা নিশা পাকিস্তানৰ সেনাই নিয়ন্ত্ৰণৰেখাত নিৰৱচ্ছিন্নভাৱে গোলাবর্ষণ কৰে। অৱশ্যে সেনাবাহিনীয়ে পাকিস্তানী সেনাই যুদ্ধ বিৰতি উলংঘা কৰি চলোৱা এই গোলাবর্ষণৰ যথাযোগ্য প্ৰত্যুত্তৰ দিয়ে। সেনাবাহিনীৰ সূত্ৰই জনোৱা অনুসৰি পাকিস্তানৰ সেনাই জম্মু-কাশ্মীৰৰ নিয়ন্ত্ৰণৰেখাৰ সমীপৰ কুপৱাৰা, বাৰামুল্লা, উৰি আৰু আখনুৰ অঞ্চলত গোলাবর্ষণ কৰে। উল্লেখযোগ্য যে জম্মু-কাশ্মীৰৰ নিয়ন্ত্ৰণৰেখা আৰু ভাৰত পাকিস্তান আন্তঃৰাষ্ট্ৰীয় সীমাৰ নিকটৱৰ্তী শতাধিক বাসিন্দাক সুৰক্ষাজনিত কাৰণত ইতিমধ্যে নিৰাপদ স্থানলৈ স্থানান্তৰ কৰা হৈছে।
Site Admin | May 8, 2025 11:33 AM | jammu kashmir pakistan firing
জম্মু-কাশ্মীৰৰ নিয়ন্ত্ৰণৰেখাত পাকিস্তানী সেনাৰ নিৰৱচ্ছিন্ন গোলাবর্ষণ, ভাৰতীয় সেনাৰ যোগ্য প্ৰত্যুত্তৰ
