ডাউনলোড
মোবাইল এপ

android apple
signal

জম্মু-কাশ্মীৰৰ নিয়ন্ত্ৰণৰেখা আৰু জম্মুৰ আন্তঃৰাষ্ট্ৰীয় সীমান্তৰ বাসিন্দাক নিৰাপদ অঞ্চললৈ স্থানান্তৰ

জম্মু-কাশ্মীৰত নিয়ন্ত্ৰণৰেখা আৰু জম্মু অঞ্চলৰ আন্তঃৰাষ্ট্ৰীয় সীমান্তৰ শ শ বাসিন্দাক নিৰাপদ অঞ্চললৈ স্থানান্তৰ কৰা হৈছে। পাকিস্তানৰ আক্ৰমণৰ পৰা তেওঁলোকক ৰক্ষা কৰাৰ বাবে এই ব্যৱস্থা গ্ৰহণ কৰা হয়। আকাশবাণী জম্মুৰ সংবাদদাতাই জনোৱা অনুসৰি, কালি পাকিস্তানী সেনাই জম্মু অঞ্চলৰ পুঞ্চ আৰু ৰাজৌৰীত তোপ আৰু মৰ্টাৰেৰে কৰা আক্ৰমণত শিশু আৰু দুগৰাকী মহিলাকে ধৰি ১২ জন লোক নিহত হোৱাৰ লগতে ৫০ জনৰো অধিক আহত হয়। ২২ এপ্রিলত পেহেলগামত সংঘটিত সন্ত্ৰাসবাদী আক্ৰমণৰ প্ৰতিশোধস্বৰূপে ভাৰতীয় সশস্ত্র বাহিনীয়ে পাকিস্তান আৰু পাকিস্তানৰ নিয়ন্ত্ৰণত থকা কাশ্মীৰৰ ৯টা সন্ত্ৰাসবাদীৰ ঘাটিত ক্ষেপণাস্ত্ৰৰে আক্ৰমণ চলোৱাৰ কিছু সময়ৰ পাছতে সীমান্তৰ সিপাৰৰ পৰা গোলাবর্ষণ আৰম্ভ হয়। ইয়াৰ পাছতে সীমান্তৰ স্থানীয় জনতাৰ সুৰক্ষাৰ বাবে তেওঁলোকক সেই স্থানৰ পৰা আঁতৰাবলৈ তৎপৰতা আৰম্ভ কৰা হয়। অস্থায়ী আশ্রয় গৃহত লোকসকলে কোনো সমস্যাৰ সন্মুখীন নোহোৱাটো সুনিশ্চিত কৰিবলৈ জিলা প্ৰশাসনে সকলো প্রয়োজনীয় ব্যৱস্থা কৰিছে৷ ইপিনে জম্মুত স্থানীয় একাংশ দল-সংগঠনে সমদল উলিয়াই নিখুঁত আক্ৰমণ চলোৱাৰ বাবে দেশ আৰু সশস্ত্র বাহিনীৰ প্ৰশংসাত শ্লোগান দিয়াৰ লগতে শোভাযাত্রাও উলিয়ায়। প্ৰদেশ কংগ্ৰেছ কমিটীৰ সভাপতি তাৰিক হামিদ কাৰা আৰু জম্মু-কাশ্মীৰ বিজেপিৰ প্ৰাক্তন সভাপতি ৰবিন্দৰ ৰাইনাকে ধৰি ৰাজনৈতিক নেতাসকলে অসামৰিক অঞ্চলসমূহত পাকিস্তানে কৰা গোলাবর্ষণক গৰিহণা দিয়াৰ লগতে সীমান্তৰ সমীপত বাস কৰা নিৰীহ সাধাৰণ নাগৰিকক লক্ষ্য কৰি লোৱাৰ বাবেও পাকিস্তানক সমালোচনা কৰে। লগতে, সীমা অতিক্ৰম কৰি কৰা গোলাবর্ষণৰ ফলত ক্ষতিগ্রস্ত লোকসকলৰ পুনসংস্থাপনৰ বাবে বিজেপি নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰে প্ৰয়োজনীয় ব্যৱস্থা ল’ব বুলিও তেওঁলোকে মন্তব্য কৰে ।

অধিক পঢ়ক

সকলো চাওক