ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

July 22, 2024 6:55 PM | Jal Jeevan

printer

‘হৰ ঘৰ জল’ৰ অধীনত দেশত প্রায় ১১ কোটি ৭৫ লাখ গ্রামীণ পৰিয়ালক খোৱাপানীৰ সংযোগ প্রদান

কেন্দ্রীয় চৰকাৰে বিগত পাঁচটা বছৰত জলজীৱন অভিযান হৰ ঘৰ জলৰ অধীনত দেশত প্রায় ১১ কোটি ৭৫ লাখ গ্রামীণ পৰিয়ালক খোৱাপানীৰ সংযোগ প্রদান কৰিছে। ৰাজ্যসভাত আজি এটা লিখিত উত্তৰত জলশক্তি মন্ত্র্যালয়ৰ ৰাজ্য মন্ত্রী ভি সুমন্নাই আজি এই বিষয়ে প্রকাশ কৰে। তেওঁ কয় যে ২০১৯ চনত এই অভিযান আৰম্ভ কৰাৰ সময়ত দেশৰ ৩ কোটি ২৩ লাখ গ্রামীণ পৰিয়ালতহে নলযোগে খোৱাপানীৰ সংযোগ প্রদান কৰা হৈছিল। সম্প্রতি দেশৰ ৭৭ শতাংশ গ্রামীণ পৰিয়ালতে নলযোগে খোৱাপানীৰ সংযোগ দিয়া হৈছে বুলি মন্ত্ৰীগৰাকীয়ে জানিবলৈ দিয়ে। তেওঁ লগতে কয় যে প্রতিদিনে প্রতিগৰাকী ব্যক্তিৰ বাবে ৫৫ লিটাৰকৈ বিশুদ্ধ পানী নলযোগে প্রদান কৰা হৈছে বুলিও তেওঁ কয়। আনহাতে, এই আঁচনিৰ অধীনত যোগান ধৰা পানীৰ গুণগত মান নির্ণয় কৰাৰ ক্ষেত্ৰত ৰাজ্য আৰু কেন্দ্রীয়শাসিত অঞ্চলসমূহত সহায় কৰাৰ বাবে জে জে এম বাটাৰ কোৱালিটি মেনেজমেন্ট ইনফৰমেচন ছিষ্টেম শীর্ষক পর্টেল বিকশাই তোলা হৈছে বুলিও তেওঁ জানিবলৈ দিয়ে। ৰাজসমূহে পর্টেলযোগে পানীৰ মান, নমুনা সংগ্রহ, প্রতিবেদন, নিৰীক্ষণ আৰু পানীৰ উৎস সম্পৰ্কত জৰীপ কৰি দাখিল কৰিব পাৰিব। মন্ত্ৰীগৰাকীয়ে কয় যে ৰাজ্য আৰু কেন্দ্রীয় শাসিত অঞ্চলসমূহক প্ৰতিখন গাঁৱৰ পৰাই ৫ গৰাকীকে মহিলাক পানীৰ মান পৰীক্ষা কৰি পৰ্টেলত দাখিল কৰাৰ বাবে প্রশিক্ষণ দিবলৈ নির্দেশ দিয়া হৈছে।

অধিক পঢ়ক

সকলো চাওক

কোনো পোষ্ট পোৱা নগ'ল।