ডাউনলোড
মোবাইল এপ

android apple
signal

August 17, 2024 6:59 PM | Jagganath college

printer

অহা ডিচেম্বৰ মাহত জগন্নাথ বৰুৱা মহাবিদ্যালয়ৰ ছাত্ৰাবাসৰ সমূহ প্ৰাক্তন আবাসীৰ কাৰণে প্রাক্তন আবাসী সন্মিলনৰ আয়োজন

জগন্নাথ বৰুৱা মহাবিদ্যালয়ৰ ছাত্ৰাবাসৰ সমূহ প্ৰাক্তন আবাসীৰ কাৰণে অহা ডিচেম্বৰ মাহত প্রাক্তন আবাসী সন্মিলনৰ আয়োজন কৰা হৈছে। দুদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হ’বলগীয়া সন্মিলনখন সুচাৰুৰূপে পৰিচালনা কৰিবৰ বাবে প্ৰাক্তন আবাসী তথা ৰাজ্য চৰকাৰৰ মন্ত্ৰী বিমল বৰাক সভাপতি হিচাপে লৈ এখন শক্তিশালী আয়োজক সমিতি গঠন কৰা হৈছে। উল্লেখযোগ্য যে ১৯৩০ চনত স্থাপিত আৰু সম্প্ৰতি বিশ্ববিদ্যালয়ৰ মৰ্যাদা লাভ কৰা উজনি অসমৰ পুৰণি শিক্ষানুষ্ঠানখনৰ ১৯৫৪ চনত ছাত্ৰাবাস স্থাপন হৈছিল। প্ৰাক্তন আবাসী সন্মিলনৰ বাবে ১৯৫৪ চনৰ পৰা ছাত্ৰাবাসত থকা সকলো প্ৰাক্তন ছাত্ৰৰ নাম পঞ্জীয়ন সম্প্ৰতি চলি আছে। উল্লেখযোগ্য যে সন্মিলনৰ সৈতে সংগতি ৰাখি এখন স্মৃতিগ্ৰন্থ প্ৰকাশৰো যো-জা চলোৱা হৈছে। স্মৃতিগ্ৰন্থৰ বাবে প্ৰাক্তন আবাসীসকলৰ পৰা ছাত্ৰাবাসৰ স্মৃতিৰ লগতে সেই সময়ৰ শৈক্ষিক, বৌদ্ধিক, সাহিত্য-সাংস্কৃতিক আৰু ক্ৰীড়া-ৰাজনীতিৰ দৰে বিভিন্ন বিষয়ত লেখা আহ্বান কৰা হৈছে। লেখনিসমূহ ১৫ নৱেম্বৰৰ পূৰ্বে প্ৰাক্তন আবাসী সন্মিলনৰ কাৰ্যালয়, জগন্নাথ বৰুৱা মহাবিদ্যালয় ছাত্রাবাস, বৰপাত্ৰ আলি, যোৰহাট-১ ঠিকনাত অথবা সম্পাদনা কক্ষক হোৱাট্‌ছএপযোগে প্ৰেৰণ কৰিব পাৰিব ।

অধিক পঢ়ক

সকলো চাওক