ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

May 16, 2025 11:47 AM | Jagdeep Dhankhar

printer

ভাৰতে শান্তিৰ দৃষ্টিভংগী বৰ্তাই ৰাখি সন্ত্ৰাসবাদীৰ বিৰুদ্ধে নিখুঁতভাৱে আক্রমণ চলাই নতুন গোলকীয় মান স্থাপন কৰিছেঃ উপ-ৰাষ্ট্ৰপতি জগদীপ ধনখড়

ভাৰতে শান্তিৰ দৃষ্টিভংগী বৰ্তাই ৰাখি সন্ত্ৰাসবাদীৰ বিৰুদ্ধে নিখুঁতভাৱে আক্রমণ চলাই নতুন গোলকীয় মান স্থাপন কৰিছে বুলি উপ-ৰাষ্ট্ৰপতি জগদীপ ধনখড়ে প্ৰকাশ কৰিছে। জয়পুৰত কালি বিয়লি ভেইৰো সিং শেখাৱট স্মাৰক পুস্তকালয় মুকলি কৰি উপ-ৰাষ্ট্ৰপতিগৰাকীয়ে এইদৰে প্ৰকাশ কৰে। তেওঁ কয়, যে সন্ত্ৰাসবাদ এতিয়া আৰু কোনো এখন দেশৰ উদ্বেগৰ বিষয় হৈ থকা নাই বৰং বিশ্ব সুৰক্ষাৰ বাবে ভাবুকি হৈ পৰিছে। তেওঁ লগতে কয়, যে প্ৰথমবাৰ ভাৰতে আন্তঃৰাষ্ট্ৰীয় সীমান্তৰ সমীপৰ জেইছ-ই-মহম্মদ আৰু লস্কৰ-এ-তৈয়বাৰ গোপন ঘাটিত নিখুঁতভাৱে আক্ৰমণ কৰিছে আৰু বিশ্বই ইয়াৰ প্ৰমাণো বিচৰা নাই। এয়া ভাৰতৰ বৰ্ধিত শক্তি আৰু বিশ্ব মৰ্যাদাৰ স্পষ্ট প্ৰদৰ্শন বুলি শ্ৰীধনখড়ে মন্তব্য কৰে। উপ-ৰাষ্ট্ৰপতিগৰাকীয়ে কয়, যে প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত ভাৰতে সামৰিক সফলতা অৰ্জন কৰাই নহয়, বৰং কূটনৈতিক জয়ো লাভ কৰিছে। ব্ৰহ্মোছ আৰু আকাশ ক্ষেপনাস্ত্ৰকে ধৰি দেশৰ সামৰিক সামৰ্থৰ কথা এতিয়া বিশ্বয়ো স্বীকাৰ কৰিছে বুলি শ্রীধনখড়ে প্ৰকাশ কৰে।