উপ ৰাষ্ট্ৰপতি জগদীপ ধনখড়ে আজি এদিনীয়া ভ্রমণসূচীৰে কৰ্ণাটকলৈ ৰাওনা হ’ব। এই ভ্ৰমণকালত উপ ৰাষ্ট্ৰপতিগৰাকীয়ে কৰ্ণাটকৰ উত্তৰ কানাড়া জিলাৰ শিৰশিত অৱস্থিত বন মহাবিদ্যালয় পৰিদৰ্শন কৰিব।
ইয়াৰ পূৰ্বে, উপ ৰাষ্ট্ৰপতিগৰাকীয়ে কালি মধ্যপ্ৰদেশৰ গোৱালিয়ৰত অৱস্থিত ৰাজমাতা বিজয়ৰাজে সিন্ধিয়া কৃষি বিশ্ববিদ্যালয় পৰিদৰ্শন কৰি শিক্ষাৰ্থী আৰু অধ্যাপকসকলৰ সৈতে বাৰ্তালাপত মিলিত হয়। তেওঁ কয়, যে কৃষি ক্ষেত্ৰৰ পৰাই উন্নত ভাৰতৰ পথ নিৰ্মাণ হৈছে। সেয়েহে কৃষকৰ জীৱনলৈ পৰিৱৰ্তন আৰু সমৃদ্ধি অনাৰ ক্ষেত্ৰত কৃষিৰ সৈতে জড়িত প্ৰতিষ্ঠান আৰু শিক্ষাৰ্থীসকলৰ দায়বদ্ধতা আছে। কৃষিৰ সৈতে জড়িত শিক্ষার্থীসকলে প্রযুক্তি আৰু গৱেষণাৰ জৰিয়তে কৃষিখণ্ডলৈ বৃহৎ পৰিৱৰ্তন আনিব পাৰে বুলিও উপ ৰাষ্ট্ৰপতিগৰাকীয়ে মত প্ৰকাশ কৰে । ৰাজ্যপাল মংগুভাই পেটেল, মুখ্যমন্ত্রী ড° মোহন যাদৱ, কেন্দ্ৰীয় ডোনাৰ মন্ত্ৰী জ্যোতিৰাদিত্য সিন্ধিয়া আৰু বিশ্ববিদ্যালয়ৰ উপাচাৰ্য, অধ্যাপক অৰবিন্দ কুমাৰ শুক্লাও কালিৰ অনুষ্ঠানত উপস্থিত আছিল।