ডাউনলোড
মোবাইল এপ

android apple
signal

August 22, 2024 7:06 PM | J.P. singh

printer

আইন শৃংখলা ৰক্ষাৰ বাবে অসম আৰক্ষী বদ্ধপৰিকৰ বুলি জি পি সিঙৰ প্ৰকাশ

অসম আৰক্ষীৰ সঞ্চালকপ্ৰধান জি পি সিঙে ৰাজ্যখনত আইন শৃংখলা ৰক্ষাৰ বাবে অসম আৰক্ষী বদ্ধপৰিকৰ বুলি উল্লেখ কৰি সকলো স্তৰৰ আৰক্ষীৰ লোকসকলৰ লগতে সংশ্লিষ্ট সকলোকে এইক্ষেত্ৰত দায়িত্ব পালন কৰিবলৈ আহ্বান জনাইছে। আৰক্ষী সঞ্চালকপ্রধান শ্রী সিঙে সামাজিক মাধ্যমযোগে এই আহ্বান জনাই আইন উলংঘাকাৰী লোকৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণৰ বাবে আৰক্ষীক নিৰ্দেশ দিয়া হৈছে বুলিও উল্লেখ কৰে। তেওঁ ৰাজ্যখনত যিকোনো ধৰণৰ আইন উলংঘাকাৰী ঘটনা সংঘটিত হোৱাৰ ক্ষেত্ৰত তাৎক্ষণিক ব্যৱস্থা গ্ৰহণৰ বাবে আৰক্ষীৰ মাণ্ডলিক আৰু জিলা পৰ্যায়ৰ সকলো শীৰ্ষ বিষয়ালৈ পত্ৰ প্ৰেৰণ কৰিছে। এই পত্ৰত ৰাজ্যখনত বিগত কিছুদিন ধৰি পৃথক জনগোষ্ঠীৰ লোকৰ মাজত হোৱা বিবাদৰ পৰিণতিত কেতবোৰ অপৰাধমূলক কার্যকলাপ সংঘটিত হোৱাৰ বিষয়ে উল্লেখ কৰি এই ক্ষেত্ৰত আইন অনুসাৰে ব্যৱস্থা ল’বলৈ নিৰ্দেশ দিছে। তদুপৰি জিলা পৰ্যায়ৰ আৰক্ষী গোট, থানা পৰ্যায়ৰ নাগৰিক সমিতি আৰু জিলা প্ৰশাসনক নিয়মীয়াকৈ বিভিন্ন জনগোষ্ঠীৰ প্ৰতিনিধিসকলৰ সৈতে বৈঠক অনুষ্ঠিত কৰি শান্তি-সম্প্ৰীতি বৰ্তাই ৰাখিবলৈ পৰামৰ্শ দিয়া হৈছে। কোনো পৰিস্থিতিতেই যাতে জনসাধাৰণে আইনৰ ঊৰ্ধলৈ গৈ কার্যকলাপ সংঘটিত কৰিব নোৱাৰে এই দিশত চোকা দৃষ্টি ৰাখিবলৈ দায়িত্বত নিয়োজিত জিলা আৰু থানা পৰ্যায়ৰ আৰক্ষী বিষয়ালৈ নিৰ্দেশ দিয়া হৈছে। এনে পৰিস্থিতিত কোনো আৰক্ষী বিষয়াই আইন শৃংখলা ৰক্ষাত ব্যৰ্থ হ’লে তেনে বিষয়াৰ বিৰুদ্ধে বিহিত ব্যৱস্থা লোৱা হ’ব বুলিও আৰক্ষী সঞ্চালকপ্ৰধানগৰাকীয়ে সকীয়াই দিছে।

অধিক পঢ়ক

সকলো চাওক