ডাউনলোড
মোবাইল এপ

android apple
signal

August 20, 2024 5:45 PM | J.P. singh

printer

গুৱাহাটী আৰু লখিমপুৰত বোমা উদ্ধাৰৰ ঘটনাৰ তদন্ত এন আই এলৈ হস্তান্তৰ কৰাৰ কথা ঘোষণা জি পি সিঙৰ

আৰক্ষী সঞ্চালকপ্ৰধান জি পি সিঙে গুৱাহাটী আৰু লখিমপুৰত বোমা উদ্ধাৰৰ ঘটনাৰ তদন্ত ৰাষ্ট্ৰীয় তদন্ত সংস্থা এন আই এলৈ হস্তান্তৰ কৰাৰ কথা ঘোষণা কৰিছে। গুৱাহাটীত আজি সাংবাদিকৰ সৈতে হোৱা কথা-বতৰাত আৰক্ষী সঞ্চালকপ্ৰধানগৰাকীয়ে এই কথা সদৰি কৰে। তেওঁ কয় যে বোমা উদ্ধাৰৰ ঘটনা সন্দৰ্ভত মুঠ ১০ টা গোচৰ ৰুজু কৰা হৈছে। ইয়াৰ ভিতৰত গুৱাহাটী তথা লখিমপুৰত বোমা উদ্ধাৰৰ ঘটনাৰ তদন্ত এন আই এলৈ হস্তান্তৰ কৰাৰ বাবে ৰাজ্য চৰকাৰলৈ পত্ৰ প্ৰেৰণ কৰা হৈছে বুলি শ্ৰী সিঙে প্ৰকাশ কৰিছে। তেওঁ কয় যে শিৱসাগৰত বোমা উদ্ধাৰৰ ঘটনাৰ তদন্ত যথেষ্ট আগবাঢ়িছে আৰু বোমা স্থাপন কৰা যুৱকসহ চাৰিজন লোকক ইতিমধ্যে আটক কৰা হৈছে। অৱশ্যে তেওঁ তদন্তৰ খাতিৰত সবিশেষ তথ্য প্ৰকাশ কৰাৰ পৰা বিৰত থাকে। আৰক্ষী সঞ্চালকপ্ৰধানগৰাকীয়ে ৰাজ্যত শান্তি-শৃংখলা ব্যাহত হোৱা নাই আৰু কোনো কাৰণতে সেয়া বিঘ্নিত হোৱা উচিত নহয় বুলি স্পষ্ট কৰি দিছে। তেওঁ লগতে আইন ভংগ কৰিলে অথবা বিশৃংখল পৰিৱেশ সৃষ্টি কৰিলে আৰক্ষীয়ে কঠোৰ ব্যৱস্থা ল’ব বুলি সকিয়াই দিছে।

অধিক পঢ়ক

সকলো চাওক