ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

May 5, 2025 1:02 PM | J P Nadda

printer

এংগোলাৰ ৰাষ্ট্ৰপতি জোৱাঅ’ ল’ৰেংকোক জগত প্রকাশ নাড্ডাৰ সাক্ষাৎ

ন’ বিজেপি অর্থাৎ বিজেপিক জানক কাৰ্যসূচীৰ অংশ হিচাপে কালি নতুন দিল্লীত কেন্দ্রীয় মন্ত্রী তথা বিজেপিৰ সভাপতি জগত প্রকাশ নাড্ডাই এংগোলাৰ ৰাষ্ট্ৰপতি জোৱাঅ’ ল’ৰেংকোক সাক্ষাৎ কৰে। বৈঠকত শ্রীনাড্ডাই আফ্রিকীয় সংঘৰ অধ্যক্ষ পদ গ্রহণ কৰাৰ বাবে ৰাষ্ট্ৰপতি ল’ৰেংকোক অভিনন্দন জনায়। তেওঁ বিজেপিৰ সাংগঠনিক পৰিকাঠামো আৰু চলি থকা কাম-কাজসমূহৰ বিষয়েও অৱগত কৰাৰ লগতে বিভিন্ন সম্প্রদায়ৰ মাজত দলৰ সৰ্বাংগীন প্ৰসাৰৰ বিষয়তো আলোকপাত কৰে। তেওঁ লগতে, পাৰস্পৰিক সম্পৰ্ক অধিক শক্তিশালী কৰাৰ বাবে বিজেপি আৰু পপুলাৰ মুভমেণ্ট ফৰ দ্য লিবাৰেচন অৱ এংগোলা চমুকৈ MPLA ৰ মাজত প্ৰতিনিধি পৰ্যায়ৰ বৈঠক আৰম্ভ কৰাৰ প্ৰস্তাৱো আগবঢ়ায়।

বাৰ্তালাপত নৰেন্দ্ৰ মোদী চৰকাৰৰ স্বাস্থ্যসেৱাৰ মূল পদক্ষেপসমূহ বিশেষকৈ মহিলা আৰু শিশুকে ধৰি দুৰ্বল শ্ৰেণীৰ সবলীকৰণৰ লক্ষ্যৰে লোৱা ব্যৱস্থাসমূহৰ ওপৰতো গুৰুত্ব আৰোপ কৰা হয়। দুয়োজন নেতাই বিগত দশকত ভাৰত-এংগোলাৰ দ্বিপাক্ষিক সম্পৰ্কৰ অবিৰত অগ্ৰগতি আৰু প্ৰধানকৈ স্বাস্থ্যসেৱাৰ ক্ষেত্ৰত সহযোগিতা বৃদ্ধিৰ সুযোগসমূহৰ বিষয়ে আলোচনা কৰে।