November 18, 2025 8:29 PM | S.Joysankar

printer

বিশ্বই সকলো ধৰণৰ সন্ত্রাসবাদৰ প্ৰতি শূন্য সহনশীলতাৰ নীতি গ্ৰহণ কৰা উচিত বুলি ড০ এছ জয়শংকৰৰ প্ৰকাশ

বিশ্বই সকলো ধৰণৰ সন্ত্রাসবাদৰ প্ৰতি শূন্য সহনশীলতাৰ নীতি গ্ৰহণ কৰা উচিত বুলি বৈদেশিক পৰিক্ৰমা মন্ত্রী ড০ এছ জয়শংকৰে প্ৰকাশ কৰিছে। ৰাছিয়াৰ মস্কোত অনুষ্ঠিত চাংহাই সহযোগিতা সংস্থা এছ চি অৰ চৰকাৰ প্ৰধানসকলৰ পৰিষদৰ বৈঠকত অংশগ্ৰহণ কৰি মন্ত্ৰীগৰাকীয়ে আজি এইদৰে মন্তব্য কৰে। ড° জয়শংকৰে কয় যে শেহতীয়া কেইটামান বছৰত সন্ত্রাসবাদ, বিচ্ছিন্নতাবাদ আৰু উগ্রবাদজনিত পৰিস্থিতি অৱনিত ঘটিছে আৰু এই ভাবুকি আওকান কৰিব পৰা নাযায়। তেওঁ লগতে জলবায়ু পৰিৱৰ্তন, মহামাৰী আৰু সংঘৰ্ষৰে ভৰা বৰ্তমান সময়ত মানৱীয় সহযোগ অতিকে গুৰুত্বপূৰ্ণ বুলি মন্তব্য কৰে। তেওঁ কয় যে এখন সভ্য ৰাষ্ট্ৰ হিচাপে ভাৰতে সদায় জনসাধাৰণৰ মাজৰ বিনিময় প্ৰকৃত সম্পৰ্কৰ ভেটি বুলি বিশ্বাস কৰে। ভাৰত দক্ষিণ পূৱ এছিয়াৰ ঐতিহ্যৰ সংৰক্ষণৰ বাবে নিজৰ অভিজ্ঞতা মধ্য এছিয়ালৈ সম্প্ৰসাৰিত কৰিবলৈ ইচ্ছুক বুলি মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে। ড° জয়শংকৰে কয় যে চাংহাই সহযোগিতা সংস্থাই পৰিৱৰ্তিত বিশ্ব প্রেক্ষাপটৰ সৈতে নিজকে খাপ খোৱাব লাগিব আৰু বিস্তৃত কাৰ্যসূচীৰ সৈতে কর্মপন্থাৰ সংশোধন ঘটা লাগিব বুলি ভাৰতে বিশ্বাস কৰে।