ডাউনলোড
মোবাইল এপ

android apple
signal

চাৰিদিনীয়া ভাৰত ভ্ৰমণসূচীৰে জে ডি ভান্স আজি নতুন দিল্লীত উপস্থিত

আমেৰিকা যুক্তৰাষ্ট্ৰৰ উপ-ৰাষ্ট্ৰপতি জে ডি ভান্স চাৰিদিনীয়া ভাৰত ভ্ৰমণসূচীৰে আজি নতুন দিল্লীত উপস্থিত হয়। তথ্য আৰু সম্প্ৰচাৰ দপ্তৰৰ মন্ত্ৰী অশ্বিনী বৈষ্ণৱে তেওঁক বিমান বন্দৰত আদৰণি জনায়। সেই স্থানতেই অভ্যাগত উপ-ৰাষ্ট্ৰপতিগৰাকীৰ উদ্দেশ্যে গার্ড অব অনাৰৰ আয়োজন কৰা হয় ৷ শ্ৰী ভান্সৰ সৈতে আমেৰিকাৰ দ্বিতীয় মহিলা ঊষা ভান্স আৰু মাৰ্কিন প্রশাসনৰ কেইবাগৰাকীও জ্যেষ্ঠ সদস্যও ভাৰতলৈ আহিছে। আমেৰিকাৰ উপ-ৰাষ্ট্ৰপতিগৰাকী তেওঁৰ পৰিয়ালৰ সৈতে আজি নিশা জয়পুৰত উপস্থিত হব। ৩ দিনীয়া জয়পুৰ ভ্ৰমণসূচীত তেওঁক সাক্ষাৎ আমেৰ দুৰ্গ, ছিটি পেলেচ আৰু জন্তমন্তৰ দৰ্শন কৰিব। জয়পুৰত তেওঁ ভাৰত-আমেৰিকা বাণিজ্য সম্পৰ্কৰ ভৱিষ্যত বিষয়ক এখন ব্যৱসায়িক সন্মিলনত অংশগ্ৰহণ কৰিব। শ্রীভান্সে অহা বুধবাৰে আগ্ৰালৈ গৈ তাজমহল দৰ্শন কৰাৰো কথা। উল্লেখযোগ্য যে এয়া হল আমেৰিকাৰ উপ-ৰাষ্ট্ৰপতিগৰাকীৰ প্ৰথমটো ভাৰত ভ্ৰমণ ৷ তেওঁৰ এই ভ্রমণে দুয়োখন দেশকেই পাৰস্পৰিক দ্বিপাক্ষিক সম্পৰ্কৰ লগতে যোৱা ১৩ ফেব্ৰুৱাৰীত প্ৰধানমন্ত্রী মোদীৰ আমেৰিকা ভ্ৰমণৰ সময়ত প্ৰকাশ পোৱা ভাৰত-আমেৰিকা যুটীয়া বিবৃতিৰ ব্যৱস্থাৱলী কাৰ্যকৰী কৰাৰ বিষয়টো পৰ্যালোচনা কৰাৰো সুযোগ প্ৰদান কৰিব। শ্রীভান্সৰ এই ভ্ৰমণৰ সময়তে উভয় দেশৰ আঞ্চলিক বিষয়সমূহৰ লগতে পাৰস্পৰিক স্বার্থজড়িত আন্তঃৰাষ্ট্ৰীয় বিষয়সমূহক লৈও মত-বিনিময় কৰা হব বুলি প্ৰকাশ পাইছে।

অধিক পঢ়ক

সকলো চাওক