ইটানগৰত অৰুণাচল চৰকাৰৰ সৈতে ষোড়শ বিত্ত আয়োগৰ এটা দলৰ বৈঠক

৫ দিনীয়া ভ্ৰমণসূচীৰে অৰুণাচল প্ৰদেশলৈ অহা ষোড়শ বিত্ত আয়োগৰ এটা উচ্চ পৰ্যায়ৰ দলে আজি ৰাজ্যখনৰ ৰাজধানী ইটানগৰত ৰাজ্য চৰকাৰ আৰু বিভিন্ন পক্ষৰ সৈতে এলানি বিস্তৃত আলোচনাত মিলিত হয়। আয়োগৰ জ্যেষ্ঠ সদস্য এনি জর্জ মেথিউৰ নেতৃত্বত দলটোৱে এখন সংবাদমেল সম্বোধন কৰে। সংবাদমেলত শ্রীমতী মেথিউৱে কয় যে আয়োগে ৰাজ্যখনৰ মুখ্যমন্ত্ৰী, উপ-মুখ্যমন্ত্রী, মুখ্য সচিব আৰু অন্য শীর্ষ বিষয়াসকলৰ সৈতে পুংখানুপুংখভাৱে আলোচনা কৰিছে। এই আলোচনাত ৰাজ্যখনৰ বিত্তীয় স্থিতি, চৰকাৰী বিষয়সমূহ আৰু বিভিন্ন খণ্ডত হোৱা উন্নয়নক সামৰি লোৱা হৈছে বুলি তেওঁ উল্লেখ কৰে। তেওঁ কয়, যে অৰুণাচল প্ৰদেশ চৰকাৰে কেইবাটাও গুৰুত্বপূৰ্ণ দাবী সন্দৰ্ভত আলোকপাত কৰি এখন সৰ্বাত্মক স্মাৰকপত্ৰ আয়োগলৈ প্ৰেৰণ কৰিছিল। এই স্মাৰকপত্ৰত পঞ্চদশ বিত্ত আয়োগৰ পৰামৰ্শ অনুসৰি বৰ্তমানৰ ৪১ শতাংশ কৰৰ পৰা ৪৭ শতাংশলৈ বৃদ্ধি কৰা সন্দৰ্ভতো প্ৰস্তাৱ দিয়া হৈছিল।