ডাউনলোড
মোবাইল এপ

android apple
signal

September 3, 2025 8:23 PM | Itanagar

printer

ইটানগৰত কাইলৈ তৃতীয় পূৰ্বোত্তৰ বিমান পৰিবহন সম্মিলন

অৰুণাচল প্ৰদেশৰ ইটানগৰত কাইলৈ তৃতীয় পূৰ্বোত্তৰ বিমান পৰিবহন সম্মিলন অনুষ্ঠিত হ’ব। এই সম্মিলন হৈছে অসামৰিক বিমান পৰিবহন সন্দৰ্ভত উত্তৰ পূৰ্বাঞ্চল খণ্ডৰ মন্ত্ৰীসকলৰ সন্মিলন। এই সন্মিলনত উত্তৰ পূৰ্বাঞ্চলৰ আটাইকেইখন ৰাজ্যৰ পৰিবহন মন্ত্রী, নীতি নিৰ্মাতা আৰু ঔদ্যোগিক নেতাসকলে অংশগ্রহণ কৰিব। তেওঁলোকে আঞ্চলিক যোগাযোগ বৃদ্ধি কৰা তথা এই খণ্ডত বিমান পৰিবহনৰ সম্ভাব্য অন্যান্য দিশসমূহ উন্নত কৰা সন্দৰ্ভত কেন্দ্রীয় বিমান পৰিবহন মন্ত্ৰী ৰামমোহন নাইডু কিঞ্জাৰাপু আৰু ৰাজ্যমন্ত্রী মুৰলীধৰ মহলৰ সৈতে আলোচনা কৰিব। সন্মিলনত সম্প্রতি বিদ্যমান আৰু নতুন বিমান বন্দৰৰ সম্প্ৰসাৰণ আঁচনি, হেলিকপ্তাৰ সেৱাৰ প্ৰসাৰ, সৰু বিমান, ড্ৰোণৰ লগতে বিমানৰ মেৰামতিকে ধৰি বিভিন্ন বিষয়ত আলোচনা অনুষ্ঠিত হ’ব।

অসম আৰু মেঘালয়ৰ পাছত অৰুণাচল প্রদেশ চৰকাৰে প্ৰথম বাৰৰ বাবে এই সম্মিলনৰ আয়োজন কৰিছে। অসামৰিক বিমান পৰিবহন মন্ত্রালয় আৰু ফেডাৰেচন অব ইণ্ডিয়ান চেম্বার্ছ অব কমার্চ এণ্ড ইণ্ডষ্টীৰ যৌথ উদ্যোগত এই সন্মিলনৰ আয়োজন কৰা হৈছে।

অধিক পঢ়ক

সকলো চাওক

কোনো পোষ্ট পোৱা নগ'ল।