কৃষি আৰু কৃষক কল্যাণ মন্ত্ৰী শিৱৰাজ সিং চৌহানে কৈছে যে, ভাৰতীয় মহাকাশ গৱেষণা সংস্থা ইছৰোৱে বিকশাই তোলা ভূ-পোর্টেলটোৱে খৰাং পৰিস্থিতি, বৰষুণ, বতৰ আদিৰ সন্দৰ্ভত সঠিক পূর্বানুমান প্ৰকাশ কৰি শস্য উৎপাদনৰ ক্ষেত্ৰত কৃষকসকলক অধিক উপকৃত কৰিছে। নতুন দিল্লীত আদি ৰাষ্ট্ৰীয় মহাকাশ দিৱস উদযাপনৰ অনুষ্ঠানত ভার্চুৱেল ব্যৱস্থাৰে সম্বোধন কৰি তেওঁ কয়, যে ভাৰতৰ মহাকাশ বিজ্ঞানীসকলে আগবঢ়োৱা অৱদানে কৃষকসকলক সহায় কৰিছে। উপগ্ৰহৰ জৰিয়তে আহৰণ কৰা উল্লেখযোগ্য তথ্যৰ ফলত খাদ্য-শস্যৰ উৎপাদনত হ’ব পৰা বিৰূপ প্ৰভাব সন্দৰ্ভত চৰকাৰে বিভিন্ন তথ্য লাভ কৰিছে বুলি তেওঁ প্ৰকাশ কৰে। শ্ৰী চৌহানে কয়, যে প্ৰযুক্তিৰ জৰিয়তে লাভ কৰা সঠিক তথ্যৰ ফলত ফচল বীমা যোজনাৰ অধীনত কৃষকসকলক ক্ষতিপূৰ্ণ আদায়ৰ বাবে অধিক সহায়ক হৈছে। তেওঁ কয়, যে ভাৰতৰ বিজ্ঞানীসকলে খাদ্য-শস্যৰ আলোকচিত্ৰ বিশ্লেষণৰ জৰিয়তে কেনেধৰণৰ কীটনাশক ব্যৱহাৰ কৰা হ’ব তাৰ নতুন প্রযুক্তি উদ্ভাৱনৰ বাবে প্ৰয়াস অব্যাহত ৰাখিছে।
Site Admin | August 23, 2025 8:46 PM | ISRO’s Geo-Portal to Aid Farmers with Weather & Crop Planning Shivraj Singh Chouhan
ইছৰোৰ ভূ-পোর্টেলটোৱে বতৰৰ পূর্বানুমান প্ৰকাশ কৰি শস্য উৎপাদনত কৃষকক অধিক উপকৃত কৰিছেঃ কৃষিমন্ত্ৰী শিৱৰাজ সিং চৌহান