ডাউনলোড
মোবাইল এপ

android apple
signal

June 24, 2025 7:02 PM | Iran & Israil

printer

ইৰান আৰু ইজৰাইলৰ মাজত যুদ্ধবিৰতি ঘোষণাই কোটি কোটি নাগৰিকলৈ স্বস্তিৰ বতৰা

ইৰান আৰু ইজৰাইলৰ মাজৰ যুদ্ধবিৰতিৰ ঘোষণাই এই যুদ্ধৰ কৱলত পৰা কোটি কোটি নাগৰিকলৈ স্বস্তিৰ বতৰা কঢ়িয়াই আনিছে। দেশ দুখনৰ মাজৰ শেহতীয়া সংঘৰ্ষক ১২ দিনীয়া যুদ্ধ বুলি অভিহিত কৰি আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্রাম্পে প্ৰকাশ কৰা মতে উভয় দেশেই প্রায় একে সময়তে শান্তিৰ বাৰ্তাৰে তেওঁৰ প্ৰশাসনৰ ওচৰ চাপে ।

তেহৰানে আমেৰিকাৰ আগ্ৰাসনৰ সামৰিকভাৱে প্ৰত্যুত্তৰ দিয়া বুলি প্ৰকাশ কৰাৰ পাছতেই ইৰানৰ চৰকাৰী সংবাদ মাধ্যমে, শত্রু পক্ষৰ ওপৰত যুদ্ধবিৰতি জাপি দিয়া হৈছে বুলি প্ৰকাশ কৰে আৰু ইয়াৰ পাছত এই যুদ্ধবিৰতি ঘোষণা কৰা হয়।

উল্লেখযোগ্য যে ইৰানে কাটাৰত থকা আমেৰিকাৰ ঘাটিলৈ লক্ষ্য কৰি ক্ষেপনাস্ত্ৰৰে আক্ৰমণ সংঘটিত কৰাৰ কেইঘণ্টামানৰ পাছতে এইদৰে যুদ্ধবিৰতি ঘোষণা কৰা হয়। আমেৰিকাই সংঘটিত কৰা আক্ৰমণৰ প্ৰত্যুত্তৰত ইৰানৰ এই ক্ষেপনাস্ত্র আক্রমণে আমেৰিকা যুক্তৰাষ্ট্ৰক আঞ্চলিক পৰ্যায়ৰ এই সংঘৰ্ষৰ সৈতে প্ৰত্যক্ষভাৱে জড়িত কৰায়।

Human Rights Activists News Agency চমুকৈ HRANA নামৰ সংবাদ সংস্থাটোৱে প্ৰকাশ কৰা মতে এই যুদ্ধত যোৱা ২২ জুন পর্যন্ত ২১৫ গৰাকী সৈনিক, ২৬৩ গৰাকী অসামৰিক লোক আৰু ২৮৭ গৰাকী অচিনাক্ত ব্যক্তিকে ধৰি কমেও ৮৬৫ গৰাকী লোকে প্ৰাণ হেৰুৱায়। এই যুদ্ধৰ ফলত ৩ হাজাৰ ৩০০ গৰাকীতকৈও অধিক সংখ্যক লোক আহত হয়। ২২৪ গৰাকী লোক নিহত আৰু দুহেজাৰ ৫০০তকৈও অধিক লোক আহত হোৱা বুলি ইৰানৰ স্বাস্থ্য বিভাগে প্ৰকাশ কৰা তথ্যৰ তুলনাত সংবাদ সংস্থাটোৰ তথ্যত এই সংখ্যা অধিক বুলি প্ৰকাশ পাইছে। দুয়োটা পক্ষই অৱশ্যে এই যুদ্ধৰ ফলত হতাহত হোৱাসকলৰ অধিক সংখ্যকেই অসামৰিক লোক বুলিও প্ৰকাশ কৰিছে।

ইজৰাইলী পক্ষই প্ৰথম অৱস্থাত ইৰানৰ সামৰিক ক্ষেত্ৰক আক্ৰমণৰ লক্ষ্য হিচাপে গ্ৰহণ কৰিলেও পৰৱৰ্তী সময়ত আৱাসিক এলেকাসমূহত বিমানেৰে আক্ৰমণ বৃদ্ধি কৰাৰ পৰিপ্ৰেক্ষিতত এই যুদ্ধই ইৰানত মানৱীয় সংকটৰ গভীৰতা বৃদ্ধি কৰিছে। উল্লেখযোগ্য যে ইজৰাইলে আনকি ইৰানৰ কাৰাগাৰতো আক্ৰমণ সংঘটিত কৰে। এনে পৰিস্থিতিত ইৰানৰ ভিন ভিন ঠাইত বসবাস কৰা লাখ লাখ লোক স্থানান্তৰিত হবলগীয়া হোৱাৰ লগতে সাহায্য কৰ্মী আৰু শাৰীৰিকভাৱে বাধাগ্রস্ত শিশুকে ধৰি বহুসংখ্যক লোক হতাহত হয়। ইৰানৰ ন্যায়পালিকাই প্ৰকাশ কৰা মতে দেশখনৰ ৰাজনৈতিক বন্দীক আশ্ৰয় দিয়াৰ বাবে জনাজাত তেহৰানৰ এভিন কাৰাগাৰকো ইজৰাইলী বাহিনীয়ে আক্ৰমণৰ লক্ষ্য হিচাপে লয় ।

একেদৰে এই যুদ্ধৰ ফলত ইজৰাইলৰো ভালেমান লোক হতাহত হোৱা বুলি প্ৰকাশ পাইছে। ইৰানৰ ক্ষেপনাস্ত্ৰৰ আক্ৰমণত কমেও ২৪ গৰাকী অসামৰিক লোক নিহত হোৱাৰ লগতে প্ৰায় ৬০০ গৰাকী লোক আহত হয়। যুদ্ধ বিৰতিৰ আগৰ সময়ছোৱাত দেশখনৰ দক্ষিণ অঞ্চলৰ বীৰশ্বেবা মহানগৰীখন ব্যাপক ক্ষতিৰ সন্মুখীন হয়। ইৰানে সংঘটিত কৰা আক্ৰমণৰ ফলত মহানগৰীখনত কমেও ৩ জন লোকে প্ৰাণ হেৰুওৱাৰ লগতে আন বহুসংখ্যক লোক আহত হোৱা বুলিও ইজৰাইলৰ জৰুৰী সেৱা বিভাগে প্ৰকাশ কৰিছে। বিভাগটোৱে লগতে জনোৱা মতে বীৰশ্বেবাৰ বিধবস্ত হৈ পৰা অঞ্চলসমূহত ভালেমান ভৱনৰ ধবংসস্তুপৰ মাজত আৱদ্ধ হৈ থকা লোকক উদ্ধাৰৰ বাবে অভিযান অব্যাহত আছে।

আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্রাম্পে প্ৰকাশ কৰা মতে তেওঁৰ প্ৰশাসনৰ কূটনৈতিক আৰু নিৰাপত্তা বাহিনীৰ দলসমূহে এই যুদ্ধবিৰৰ্তিত উপনীত হবৰ বাবে প্ৰয়াস চলোৱাৰ শেষত স্থানীয় সময় অনুসৰি পুৱা প্ৰায় চাৰি বজাত যুদ্ধ বিৰতিৰ সিদ্ধান্ত ঘোষণা কৰা হয়। ইজৰাইলৰ প্ৰধানমন্ত্রী বেঞ্জামিন নেটান্যাহুৱে অৱশ্যে এই বাতৰি যুগুতোৱাৰ পৰলৈ যুদ্ধ বিৰতি সন্দৰ্ভত কোনো ৰাজহুৱা মন্তব্য প্ৰকাশ কৰা নাই।

অধিক পঢ়ক

সকলো চাওক