June 23, 2025 11:14 AM | Iran

printer

ইৰানৰ মাশ্বাডৰ পৰা বিশেষ বিমানেৰে যোৱা ২৮৫ গৰাকী ভাৰতীয় নাগৰিকক আদৰণি

বৈদেশিক পৰিক্ৰমা ৰাজ্যমন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটাই ইৰানৰ মাশ্বাডৰ পৰা এখন বিশেষ বিমানেৰে যোৱা নিশা নতুন দিল্লীত উপস্থিত হোৱা ২৮৫ গৰাকী ভাৰতীয় নাগৰিকক আদৰণি জনাইছে। মন্ত্ৰীগৰাকীয়ে কয় যে অপাৰেচন সিন্ধুৰ অধীনত এতিয়ালৈকে এহেজাৰ ৭১৩ গৰাকী ভাৰতীয় নাগৰিকক ইৰানৰ পৰা উদ্ধাৰ কৰা হৈছে। তেওঁ কয়, যে অহা দুদিনত ইৰানৰ পৰা দুই-তিনিখন বিশেষ বিমানমেৰে আৰু অধিক ভাৰতীয় নাগৰিকক স্বদেশলৈ ওভতাই অনাৰ ব্যৱস্থা কৰা হৈছে। ইৰান আৰু ইজৰাইলত থকা ভাৰতীয় নাগৰিকসকলৰ সৈতে মন্ত্ৰালয়ে যোগাযোগ অব্যাহত ৰাখিছে বুলিও শ্রীমাৰ্ঘেৰিটাই জানিবলৈ দিয়ে।