ইৰানে ইজৰাইলৰ আক্ৰমণৰ প্ৰত্যুত্তৰত যোৱা নিশা ইজৰাইলী চহৰত শতাধিক ক্ষেপনাস্ত্ৰ আৰু ড্রোনেৰে আক্ৰমণ চলায়। ইৰানে এই প্রত্যাক্রমণক অপাৰেচন ছিভিয়েৰ পানিছমেণ্ট নাম দিছে। তেল আভিভ আৰু জেৰুজালেমত চলোৱা এই আক্ৰমণৰ ফলত ইজৰাইলত বিমান আক্ৰমণৰ চাইৰেন বাজি উঠে আৰু লাখ লাখ অসামৰিক লোকে শিবিৰত আশ্ৰয় ল’বলগীয়া হয়। ১৯৮০ চনত ইৰাকৰ সৈতে যুদ্ধৰ পাছত ইজৰাইলে ইৰানৰ বিৰুদ্ধে চলোৱা সৰ্ববৃহৎ সামৰিক অভিযানৰ কেইঘণ্টামানৰ পাছতে ইৰানে এই প্রত্যাক্রমণ কৰে। ইজৰাইলে বৃহস্পতিবাৰে নিশা ইৰাণৰ পাৰমানবিক প্রকল্প, বেলিষ্টিক ক্ষেপনাস্ত্ৰ কাৰখানা আৰু জ্যেষ্ঠ সেনাবাহিনীৰ নেতাক লক্ষ্য কৰি অপ্ৰৰোচিতভাৱে আক্রমণ সংঘটিত কৰে। আক্ৰমণৰ ফলত পশ্চিম এছিয়াত অনিশ্চয়তাৰ পৰিস্থিতি উদ্ভৱ হৈছে। ইৰানৰ ওপৰত ২০০খন যুঁজাৰু বিমানেৰে আক্ৰমণ কৰা হয় বুলি ইজৰাইলৰ সেনাবাহিনীয়ে জানিবলৈ দিছে। ইয়াৰ প্ৰত্যুত্তৰত ইৰানে ইজৰাইলক ১০০খন ড্ৰোনেৰে আক্ৰমণ কৰে। ইৰানৰ ইছলামিক ৰিভলিউচনেৰী গাৰ্ডৰ কামাণ্ডাৰ ইন চীফ জেনেৰেল হোছেইন ছালামী এই আক্ৰমণত নিহত হৈছে। তেওঁৰ লগতে দেশখনৰ নিৰাপত্তা বাহিনীসমূহৰ মুৰব্বী মহম্মদ বাঘেৰী, পাৰমাণৱিক শক্তি সন্থাৰ পূৰ্বৰ মুৰব্বী ফেৰেইডুন আববাছিকে ধৰি কেইবাগৰাকীও ক্ষমতাশালী লোক নিহত হৈছে। আন্তঃৰাষ্ট্ৰীয় পাৰমাণৱিক শক্তি সন্থাই জানিবলৈ দিছে যে এই আক্ৰমণৰ ফলত পাৰমাণৱিক বিকিৰণৰ পৰিমাণ বৃদ্ধি হোৱা নাই। ইৰানৰ প্ৰতিৰক্ষা বাহিনীসমূহৰ মুখপাত্র ব্রিগেডিয়াৰ জেনেৰেল আবলফজল ছেকাৰ্চীয়ে এই আক্ৰমণৰ বাবে ইজৰাইল আৰু আমেৰিকা যুক্তৰাষ্ট্ৰই পৰিণাম ভুগিব লাগিব বুলি সকীয়াই দিছে। ইৰানৰ সংবাদ মাধ্যমে জানিবলৈ দিয়া অনুসৰি তেহৰানৰ আৱাসিক অঞ্চলত আক্ৰমণ চলোৱাৰ ফলত শিশুকে ধৰি ভালেমান অসামৰিক লোক নিহত হৈছে।
Site Admin | June 14, 2025 9:31 AM | iran israel war
ইজৰাইলৰ আক্ৰমণৰ প্ৰত্যুত্তৰ ইৰানৰ; ইজৰাইলী চহৰত শতাধিক ক্ষেপনাস্ত্ৰ-ড্রোনেৰে আক্ৰমণ
