ডাউনলোড
মোবাইল এপ

android apple
signal

June 14, 2025 8:34 PM | Iran

printer

ইজৰাইল আৰু ইৰানে পৰস্পৰৰ বিৰুদ্ধে ক্ষেপনাস্ত্ৰৰে আক্ৰমণ

ইজৰাইল আৰু ইৰানে পৰস্পৰৰ বিৰুদ্ধে ক্ষেপনাস্ত্ৰৰে আক্ৰমণ চলাইছে। তেল আবিব, জেৰুজালেম আৰু টেহৰানত বিস্ফোৰণৰ শব্দ শুনিবলৈ পোৱা গৈছে। ইৰানে ইজৰাইলৰ কেইবাখনো ঠাইক লক্ষ্য কৰি চলোৱা আক্ৰমণত কমেও ৩ জন লোক নিহত হৈছে আৰু ভালে সংখ্যক লোক আহত হৈছে। ইৰানৰ চৰকাৰী সংবাদ মাধ্যমে প্ৰকাশ কৰা মতে ইজৰাইলৰ আক্ৰমণ দেশখনৰ সশস্ত্র বাহিনীৰ জেনেৰেল ষ্টাফৰ দুগৰাকী উপ-কামাণ্ডাৰ ছহিদ হৈছে। নিহত উপ-কামাণ্ডাৰ দুজনক জেনেৰেল ঘোলমোৰেজা মেহৰাবী আৰু জেনেৰেল মেহেদি ৰববানী বুলি চিনাক্ত কৰা হৈছে। ইজৰাইলে ইৰানৰ ওপৰত কালিৰে পৰা চলোনা আক্ৰমণত জ্যেষ্ঠ সামৰিক বিষয়া সহয কমে ও ৭৮ জন লোক নিহত হৈছে। ইৰানৰ বিমান বন্দৰ আৰু বিমান পৰিবহন কোম্পানীয়ে পৰৱৰ্তী জাননী জাৰি নকৰা পৰ্যন্ত দেশজুৰি উৰাণ বন্ধ কৰাৰ কথা ঘোষণা কৰিছে। ইজৰাইলৰ বেন গুৰিয়ন আন্তঃৰাষ্ট্ৰীয় বিমান বন্দৰো বন্ধ কৰি দিয়া হৈছে।
অন্য এটা ঘটনাক্ৰমত ইৰানে আমেৰিকা যুক্তৰাষ্ট্ৰ, ব্ৰিটেইন আৰু ফ্ৰান্সক টেহৰানৰ প্ৰত্যুত্তৰমূলক আক্রমণ ৰোধ কৰাত ইজৰাইলক সহায় নকৰিবলৈ সকিয়াই দিছে। ইৰানৰ সংবাদ মাধ্যমৰ বাতৰি অনুসৰি যদিহে এই দেশ তিনিখনে ইজৰাইললৈ সহায আগবঢ়ায় তেন্তে তেহৰানে অঞ্চলটোত থকা সামৰিক ঘাটি আৰু জাহাজসমূহক আক্ৰমণৰ লক্ষ্য কৰি লব। ইৰানে পাৰমানৱিক বিষয় সন্দৰ্ভত আমেৰিকাৰ সৈতে চলি থকা আলোচনাৰ পৰা ওলাই আহিছে। ইজৰাইলৰ সামৰিক আক্ৰমণৰ পাছত পাৰমাণৱিক কাৰ্যসূচী সন্দৰ্ভত আমেৰিকাৰ সৈতে আলোচনা কৰাৰ কোনো অৰ্থ নাই বুলি ইৰানে প্ৰকাশ কৰিছে।

অধিক পঢ়ক

সকলো চাওক