June 14, 2025 7:40 PM | Iran

printer

ইৰানত থকা প্ৰবাসী ভাৰতীয় আৰু ভাৰতীয় মূলৰ লোকসকলক সহায়ৰ বাবে জৰুৰীকালীন নম্বৰ মুকলি

বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে প্ৰকাশ কৰা অনুসৰি ইৰানত থকা প্ৰবাসী ভাৰতীয় আৰু ভাৰতীয় মূলৰ লোকসকলক সহায়ৰ দৰকাৰ হলে তেহৰানত থকা ভাৰতীয় দূতাবাসৰ জৰুৰীকালীন নম্বৰত যোগাযোগ কৰিব পাৰিব। দূতাবাসৰ জৰুৰীকালীন নম্বৰ হৈছে প্লাছ ৯৮ ৯১২৮১০৯১১৫ আৰু প্লাছ ৯৮৯১২৮১০৯১০৯ ৷

ইয়াৰ পূৰ্বে ভাৰতীয় দূতাবাসে ইৰানৰ সাম্প্ৰতিক পৰিস্থিত সন্দৰ্ভত নির্দেশনা জাৰি কৰি দেশখনত থকা ভাৰতীয়সকলক সতৰ্ক হৈ থাকি অনাৱশ্যক ভ্রমণ এৰাই চলিবলৈ আহ্বান জনোৱা হয়। একেদৰে দূতাবাসৰ সামাজিক মাধ্যমৰ একাউণ্ট আৰু স্থানীয় প্ৰশাসনৰ সুৰক্ষামূলক উপদেশ মানি চলিবলৈও আহ্বান জনোৱা হয় ৷