ইজৰাইলে ইৰানৰ ভূমিত কৰা বোমাবর্ষণ আৰু তেল আভিভক লক্ষ্য কৰি ইৰানে চলোৱা ক্ষেপনাস্ত্র আক্রমণ শীঘ্ৰেই বন্ধ কৰিবলৈ ৰাষ্ট্ৰসংঘৰ সচিব প্রধান এণ্টনিঅ‘ গুটেৰেছে আহ্বান জনাইছে। সামাজিক মাধ্যমৰ এটা বার্তাত তেওঁ কয় যে শান্তি আৰু কূটনীতি বৰ্তাই ৰাখিবই লাগিব। ইউৰোপীয় আয়োগৰ অধ্যক্ষ উর্দুলা ভন ডেৰ লেয়েনে কয় যে আত্মৰক্ষা আৰু নিজৰ নাগৰিকসকলক সুৰক্ষা প্ৰদানৰ ইজৰাইলৰ অধিকাৰ আছে। তেওঁ সকলো পক্ষকে সংযত হৈ পৰিস্থিতি স্বাভাৱিক কৰি তোলাত অগ্ৰসৰ হ‘বলৈ আহ্বান জনায়।
ইয়াৰ পূৰ্বে ক্রেমলিনত এটা বিবৃতিত ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাডিমিৰ পুটিনে ইজৰাইলৰ কৰ্মকাণ্ডক গৰিহণা দি কৈছিল যে ইজৰাইলে ৰাষ্ট্ৰসংঘৰ চনদ উলংঘা কৰিছে। তেওঁ এই ঘটনাত নিহতসকলৰ বাবে শোক প্ৰকাশ কৰে। বিবৃতিটোত উল্লেখ কৰা অনুসৰি ৰাষ্ট্ৰপতি পুটিনে দুয়োখন দেশৰ নেতাদ্বয়ৰ সৈতে কথাও পাতে।
ইপিনে, আন্তর্জাতিক আনবিক শক্তি সংস্থাৰ মুৰববী ৰাফেল ডছীয়ে কয় যে ইজৰাইলৰ বিমান আক্রমণে ইৰাণৰ নাতাঞ্জত থকা এটা প্ৰকল্প ধ্বংস কৰে। নিউয়র্কত কালি অনুষ্ঠিত ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদৰ এখন জৰুৰী বৈঠকত তেওঁ এই কথা প্ৰকাশ কৰে।
কানাডাৰ প্ৰধানমন্ত্রী মার্ক কাৰ্নেয়ে এটা বিবৃতিত কয় যে ইৰানৰ পাৰমানবিক কাৰ্যসূচীয়ে দীর্ঘদিন ধৰি পশ্চিম এছিয়াত উত্তেজনাৰ সৃষ্টি কৰি আহিছে আৰু দেশখনে ইজৰাইলত চলোৱা ক্ষেপণাস্ত্র আক্রমণে আঞ্চলিক শান্তি ব্যাহত কৰিছে। সামাজিক মাধ্যমৰ এটা বাৰ্তা প্ৰধানমন্ত্ৰীগৰাকীয়ে ইজৰাইলৰ আত্মৰক্ষাৰ অধিকাৰ আৰু দেশখনৰ সুৰক্ষা নিশ্চিত কৰাৰ অধিকাৰলৈ সমৰ্থন আগবঢ়ায়।