ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

আই পি এল ক্রিকেট প্রতিযোগিতাত দেলহি কেপিটেলছৰ চেন্নাই ছুপাৰ কিংছক ২০ ৰানত পৰাজিত

আই পি এল ক্রিকেট প্রতিযোগিতাত কালি নিশা বিশাখাপট্টনমৰ ৱাই এছ ৰাজাশেখৰ ৰেড্ডী ষ্টেডিয়ামত অনুষ্ঠিত এখন খেলত দেলহি কেপিটেলছে চেন্নাই ছুপাৰ কিংছক ২০ ৰানত পৰাজিত কৰে। দেশহি কেপিটেলছে নিৰ্ধাৰণ কৰি দিয়া ১৯২ ৰানৰ লক্ষ্যৰে খেলিবলৈ লোৱা চেন্নাই ছুপাৰ কিংছে নিৰ্ধাৰিত ২০ অভাৰত ৬ উইকেটৰ বিনিময়ত ১৭০ ৰানহে কৰিবলৈ সক্ষম হয়। চেন্নাই ছুপাৰ কিংছৰ হৈ আজিংক্য ৰাহানেই সৰ্বাধিক ৪৫ ৰান কৰাৰ বিপৰীতে এম এছ ধোনীয়ে ৩৭ ৰান কৰি আউট নোহোৱাকৈ থাকে। দেলহি কেপিটেলছৰ হৈ মুকেশ কুমাৰে ৩টা উইকেট দখল কৰাৰ বিপৰীতে খলিল আহমেদে ৪ অভাৰত ২১ ৰান দি ২টা উইকেট লাভ কৰে। ইয়াৰ পূৰ্বে দেলহি কেপিটেলছে টছত জিকি প্রথমে বেট ধৰাৰ সিদ্ধান্ত লয়। দলৰ হৈ ডেভিদ ৱাৰ্নাৰে সৰ্বাধিক ৫২ ৰান কৰাৰ লগতে অধিনায়ক ঋষভ পন্টে ৫১ ৰান কৰে। চেন্নাইৰ হৈ মাথিছা পাথিৰানাই ৩টা উইকেট লাভ কৰে। খলিল আহমেদক প্লেয়াৰ অৱ্য দা মেচ হিচাপে ঘোষণা কৰা হয় । প্ৰতিযোগিতাত আজি মুম্বাইৰ ৱাংখেড়ে স্টেডিয়ামত মুম্বাই ইণ্ডিয়ানছ, ৰাজস্থান ৰয়েলছৰ মুখামুখি হ’ব। খেলখন সন্ধিয়া ৭.৩০ বজাত আৰম্ভ হ’ব।