June 3, 2025 1:17 PM | IPL

printer

ৰয়েল চেলেঞ্জাৰ্ছ আৰু পাঞ্জাৱ কিংছৰ মাজত আজি আই পি এল ক্রিকেটৰ চলিত সংস্কৰণৰ ফাইনেল খেল

আই পি এল ক্রিকেট প্রতিযোগিতাৰ চলিত সংস্কৰণৰ ফাইনেল খেলখন আজি ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰু আৰু পাঞ্জাৱ কিংছৰ মাজত অনুষ্ঠিত হব। ভাৰতীয় সময় অনুসৰি খেলখন সন্ধিয়া চাৰে ৭ বজাত আহমেদাবাদৰ নৰেন্দ্ৰ মোদী ষ্টেডিয়ামত আৰম্ভ হব। ৰজত পাৰ্টিদাৰ নেতৃত্বাধীন বেংগালুৰুৰ দলটোৱে চণ্ডীগড়ত অনুষ্ঠিত প্ৰথমখন কোৱালিফায়াৰ খেলত পঞ্জাৱ কিংছক ৮ উইকেটত আৰু শ্ৰেয়াছ আয়াৰৰ নেতৃত্বাধীন পাঞ্জাৱ কিংছে আহমেদাবাদত অনুষ্ঠিত দ্বিতীয়খন কোৱালিফায়াৰ খেলত মুম্বাই ইণ্ডিয়ানছক ৫ উইকেটত পৰাস্ত কৰি ফাইনেলত স্থান নিশ্চিত কৰিছে। উল্লেখযোগ্য যে এই পর্যন্ত আজি খেলিবলগীয়া দল দুটাৰ কোনো এটায়ো আই পি এলৰ খিতাপ দখল কৰিব পৰা নাই ৷