আই পি এল ক্রিকেট প্রতিযোগিতাত আজি জয়পুৰৰ ছৱাই মানসিং ষ্টেডিয়ামত পাঞ্জাৱ কিংছ মুম্বাই ইণ্ডিয়ানছৰ বিৰুদ্ধে অৱতীৰ্ণ হ’ব। খেলখন সন্ধিয়া চাৰে ৭ বজাত আৰম্ভ হ’ব।
আনহাতে, কালি নিশা দিল্লীৰ অৰুণ জেটলি ষ্টেডিয়ামত হোৱা এখন খেলত ছানৰাইজাৰ্ছ হায়দৰাবাদে কলকাতা নাইট ৰাইডাৰ্ছক ১১০ ৰানত পৰাস্ত কৰে। ছানৰাইজাৰ্ছ হায়দৰাবাদে নিৰ্ধাৰণ কৰি দিয়া ২৭৯ ৰানৰ বিজয় লক্ষ্যৰে খেলিবলৈ লোৱা কলকাতাৰ দলটোৱে নিৰ্ধাৰিত অভাৰত শেষ হ’বলৈ ৮টা বল বাকী থকা অৱস্থাত আটাইকেইটা উইকেট হেৰুৱাই মাত্র ১৬৮ ৰানহে কৰিবলৈ সমৰ্থ হয়। কলকাতা নাইট ৰাইডাৰ্ছৰ হৈ মনীষ পাণ্ডেই সৰ্বাধিক ৩৭ ৰান কৰে। ছানৰাইজাৰ্ছ হায়দৰাবাদৰ জয়দেৱ উনাদকাট, এশ্বান মালিংগা আৰু হৰ্ষ ডুবেই তিনিটাকৈ উইকেট দখল কৰে।
ইয়াৰ পূৰ্বে ছানৰাইজাৰ্ছ হায়দৰাবাদে প্ৰথমে বেট ধৰি নিৰ্ধাৰিত ২০ অভাৰত তিনি উইকেটৰ বিনিময়ত ২৭৮ ৰান কৰে। দলৰ হৈ হেনৰিক ক্লাছেনে সৰ্বাধিক ১০৫ ৰান কৰি আউট নোহোৱাকৈ থাকে। ট্রেভিছ হেডেও ৭৬ ৰানৰ বৰঙণি আগবঢ়ায়। কলকাতা নাইট ৰাইডাৰ্ছৰ হৈ সুনীল নাৰায়ণে দুটা উইকেট লাভ কৰে। হেনৰিক ক্লাছেনক প্লেয়াৰ অৱ দা মেচ হিচাপে ঘোষণা কৰা হয়।
কালি অনুষ্ঠিত আন এখন খেলত চেন্নাই ছুপাৰ কিংছে গুজৰাট টাইটানছক ৮৩ ৰানত পৰাস্ত কৰে। খেলখনত চেন্নাইৰ দলটোৱে প্ৰথমে বেট ধৰি নিৰ্ধাৰিত ২০ অভাৰত ৫টা উইকেট হেৰুৱাই ২৩০ ৰান কৰে। ইয়াৰ প্ৰত্যুত্তৰত গুজৰাট টাইটানছে ১৮ অভাৰ আৰু ৩টা বলত আটাইকেইটা উইকেট হেৰুৱাই ১৪৭ ৰানহে কৰিবলৈ সমৰ্থ হয়।