আই পি এল ক্রিকেট প্রতিযোগিতাত যোৱা নিশা দিল্লীৰ অৰুণ জেটলী ষ্টেডিয়ামত অনুষ্ঠিত এখন খেলত ৰাজস্থান ৰয়েলছে চেন্নাই ছুপাৰ কিংছক ৬ উইকেটত পৰাস্ত কৰে। ৰাজস্থান ৰয়েলছে ১৮৮ ৰাণৰ লক্ষ্যৰে খেল আৰম্ভ কৰি ১৭ অভাৰ এটা বলতে চাৰিটা উইকেটৰ বিনিময়ত নিৰ্ধাৰিত লক্ষ্যত উপনীত হয়। দলৰ হৈ বৈভৱ সূর্যবংশীয়ে সর্বাধিক ৫৭ আৰু সঞ্জু ছেমচনে ৪১ ৰাণ কৰে। চেন্নাইৰ হৈ ৰবিচন্দ্রন অশ্বিনে দুটাকৈ উইকেট দখল কৰে। ইয়াৰ পূৰ্বে ৰাজস্থানে টছত জিকি চেন্নাইক বেট ধৰাৰ বাবে আমন্ত্রণ জনায়। চেন্নাইয়ে নির্ধাৰিত ২০ অভাৰত আঠটা উইকেট হেৰুৱাই ১৮৭ ৰাণ সংগ্ৰহ কৰে। দলৰ হৈ আয়ুশ্ব মাহত্ৰেই ৪৩ ৰাণ কৰে। ৰাজস্থান ৰয়েলছৰ য়ুধবীৰ সিং চাৰাক আৰু আকাশ মাধৱালে তিনিটাকৈ উইকেট দখল কৰে। আকাশ মাধৱালক প্লেয়াব অব দা মেচ হিচাপে ঘোষণা কৰা হয় ৷
প্রতিযোগিতাত আজি মুম্বাইৰ ৱাংখেড়ে স্টেডিয়ামত হ’বলগীয়া এখন খেলত মুম্বাই ইণ্ডিয়ানছ, দেলহী কেপিটেলছৰ বিৰুদ্ধে অৱতীৰ্ণ হ’ব। খেলখন সন্ধিয়া চাৰে ৭ বজাত আৰম্ভ হ’ব।