লক্ষ্ণৌ ছুপাৰ জায়েণ্টছ আই পি এল ক্রিকেট প্রতিযোগিতাৰ চলিত সংস্কৰণৰ প্লে অফ পৰ্যায়ৰ দৌৰৰ পৰা বাহিৰ হৈছে। প্ৰতিযোগিতাত যোৱা নিশা লক্ষ্ণৌত অনুষ্ঠিত এখন খেলত ছানৰাইজাৰ্ছ হায়দৰাবাদে লক্ষ্ণৌৰ দলটোত ৬ উইকেটত পৰাস্ত কৰে। লক্ষ্ণৌৱে বান্ধি ২০৬ ৰানৰ লক্ষ্য হায়দৰাবাদে ১৮ অভাৰ আৰু ২টা বলত ৪টা উইকেটৰ বিনিময়ত সহজে অতিক্ৰম কৰে। দলৰ হৈ অভিষেক শৰ্মাই ৫৯, হেনৰিক ক্লাছেনে ৪৭, ঈশান কিষাণে ৩৫ আৰু কামিণ্ডু মেণ্ডিছে ৩২ ৰানৰ বৰঙণি আগবঢ়ায়। অভিষেক শৰ্মাক প্লেয়াৰ অৱ দা মেচ হিচাপে ঘোষণা কৰা হয় । লক্ষ্ণৌৰ দিগবেছ সিং বাথিয়ে দুটা উইকেট দখল কৰে।
ইয়াৰ পূৰ্বে প্ৰথমে বেট ধৰাৰ আমন্ত্রণ লাভ কৰি লক্ষ্ণৌ ছুপাৰ জায়েণ্টছে নির্ধাৰিত ২০ অভাৰত ৭টা উইকেট হেৰুৱাই ২০৫ ৰান সংগ্ৰহ কৰে। হায়দৰাবাদৰ ঈশান মালিংগাই দুটা আৰু হৰ্ষ ডুবে, হর্ষল পেটেল আৰু নীতিশ ৰেড্ডীয়ে এটাকৈ উইকেট দখল কৰে। এই পৰাজয়ৰ পাছত লক্ষ্ণৌৰ দলটো পইণ্ট তালিকাৰ সপ্তম স্থানলৈ অৱনমিত হয়। দলটোৱে এইপর্যন্ত ১২ খন খেলৰ পৰা ১০ পইণ্টহে অৰ্জন কৰিবলৈ সমৰ্থ হৈছে।
প্রতিযোগিতাত আজি দিল্লীৰ অৰুণ জেটলি ষ্টেডিয়ামত চেন্নাই ছুপাৰ কিংছ ৰাজস্থান ৰয়েলছৰ বিৰুদ্ধে অৱতীৰ্ণ হ’ব। খেলখন সন্ধিয়া চাৰে ৭ বজাত আৰম্ভ হ’ব।