ভাৰত আৰু পাকিস্তানৰ মাজত বৃদ্ধি পোৱা উত্তেজনাৰ বাবে এসপ্তাহজোৰা বিৰতিৰ পাছত চলিত মাহৰ ১৭ তাৰিখৰ পৰা ইণ্ডিয়ান প্রিমিয়াৰ লীগ ২০২৫ পুনৰ আৰম্ভ হ’ব বুলি ভাৰতীয় ক্রিকেট নিয়ন্ত্রণ বোর্ডে ঘোষণা কৰিছে । উল্লেখযোগ্য যে ভাৰতে অপাৰেচন সিন্দুৰ আৰম্ভ কৰাৰ পাছত ৯ মে ’ত আই পি এলৰ সকলো মেচ স্থগিত ৰখা হৈছিল। ১৭ মে’ত আই পি এল পুনৰ আৰম্ভ হোৱাৰ পাছত বেংগালুৰুৰ এম চিন্নস্বামী ষ্টেডিয়ামত ৰয়েল চেলেঞ্জাৰছ বেংগালুৰু আৰু কলকাতা নাইট ৰাইডাৰ্ছৰ মাজত প্ৰথমখন খেল অনুষ্ঠিত হ মোহালী অথবা ধৰ্মশালাত কোনো মেচ অনুষ্ঠিত নহয়। পূর্বে আহমেদাবাদত হ’বলগীয়া মুম্বাই ইন্ডিয়ানছৰ বিৰুদ্ধে পঞ্জাৱ কিংছৰ খেলখন অহা ২৬ মে ‘ত জয়পুৰৰ এছ এম এছ ষ্টেডিয়ামত অনুষ্ঠিত হ’ব।
Site Admin | May 13, 2025 12:32 PM | IPL
চলিত মাহৰ ১৭ তাৰিখৰ পৰা ইণ্ডিয়ান প্রিমিয়াৰ লীগ ২০২৫ পুনৰ আৰম্ভ
