ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

গুৱাহাটীৰ বৰ্ষাপাৰাত হ’বলগীয়া আই পি এলৰ মেচৰ বাবে যান-বাহনৰ চলাচলত বিশেষ নিৰ্দেশনা জাৰি

গুৱাহাটীৰ বৰ্ষাপাৰাৰ এ চি এ ষ্টেডিয়ামত কাইলৈ আৰু ১৯ মে’ত হ’বলগীয়া আই পি এল ক্রিকেট প্রতিযোগিতাৰ খেল দুখনৰ প্ৰতি লক্ষ্য ৰাখি গুৱাহাটীৰ যান-বাহন আৰক্ষীয়ে যান-বাহনৰ চলাচলৰ ক্ষেত্ৰত বিশেষ নিৰ্দেশনা জাৰি কৰিছে। এই সময়ছোৱাত শিশু, মহিলা, ছাত্র-ছাত্রী, জ্যেষ্ঠ নাগৰিক আৰু বিশেষভাৱে সক্ষম নাগৰিকসকলৰ আহ-যাহ সুচল হোৱাৰ লগতে জৰুৰীকালীন বাহন যেনে এম্বুলেন্স, স্কুল বাছ, অগ্নিনির্বাপক বাহন আদিৰ চলাচল সুচল হোৱাকৈ এই নিৰ্দেশনা জাৰি কৰা হৈছে। সেই অনুসাৰে ১৫ আৰু ১৯ মে’ত দিনৰ ৩ বজাৰ পৰা নিশা ১২ বজালৈ ২৭ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ গুৱাহাটী মহানগৰীৰ অংশত গধূৰ যান-বাহন আৰু বাণিজ্যিক বাহনৰ চলাচলত নিষেধাজ্ঞা জাৰি কৰা হৈছে। সেই দুয়োটা দিনত গুৱাহাটীৰ আৰ্যনগৰৰ পৰা লখৰা চাৰিআলিলৈ যোৱা পথটো দিনৰ তিনি বজাৰ পৰা ৱান ৱে’ হৈ পৰিব। লালগণেশ তিনিআলি অঞ্চলৰ পৰা খেলৰ কাৰ পাছ থকা বাহনকহে বৰ্ষাপাৰালৈ চলাচলৰ অনুমতি প্ৰদান কৰা হ’ব। আনহাতে বর্ষাপাৰা তিনিআলিৰ পৰা ধীৰেনপাৰা তিনিআলিলৈও পথছোৱা ৱান ৱে’ হৈ পৰিব আৰু খেলৰ কাৰ পাছ থকা বাহনেহে চালাচৰ অনুমতি পাব। অৱশ্যে স্থানীয় বাসিন্দাৰ বাহন আৰু জৰুৰীকালীন সেৱাৰ বাহনৰ ক্ষেত্ৰত এই নিষেধাজ্ঞা প্রযোজ্য নহয়।